Tuesday, 21 November 2017

চিন্তাত শূণ্য মন-মগজু

কি কৰিম... কোনফালে যাম... দেউতাৰ চিন্তাতে একোটেই মন বহা নাই... তেওঁৰ বেমাৰটো আৰোগ্য হোৱাৰ লক্ষণ আছেনে নাই মই কব নোৱাৰো... যিমানখিনি পাৰো চেষ্টা কৰিছো চিকিৎসাৰ জৰিয়তে... কিন্তু চিকিৎসা বিজ্ঞানৰ ইমান অগ্ৰগতিটো আমিবোৰ আজিও নিৰাপদ নহয় কিয় বাৰু... নতুন নতুন বেমাৰ-আজাৰবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কিয় আজিৰ আধুনিক চিকিৎসকসকল সমৰ্থ হোৱা নাই... এনে কিয় হয় বাৰু মানুহৰ জীৱনত... জীৱনটো আগুৱাই নিয়াৰ নামত পোৱা কষ্টখিনিৰ বাহিৰেও আকৌ বেমাৰ বুলি বেলেগকৈ কষ্টখিনি কিয় পাই থাকে বাৰু... তাতোতকৈচোন আগৰ ৰজা-মহাৰজাৰ দিনৰ মৃত্যুদণ্ডবোৰেই বেছি ভাল আছিল, বেমাৰৰ নামত জীয়াতু ভূগিব লগীয়া হোৱাতকৈ...

তথাপি জীৱনৰ প্ৰতি সকলোৰে আছে এক অচিনা মমতা... মৃত্যু সমাগত বুলি জানিও যেন আমি জীয়াব বিচাৰো জীৱনৰ আটাইতকৈ সুখৰ মূহুৰ্তবোৰ শেষ সময়খিনিতহে... আত্মীয়জনক যেন হেৰুৱাব নিবিচাৰো মৃত্যুৰ সময়খিনিতে বেছিকৈ... যিমানেই আমাৰ মাজত মত বিৰোধ নাথাকক কিয় শেষ সময়খিনিত তেওঁ হৈ পৰে বুকুৰ নিভৃত কোণত একান্তই আপোন সুহৃদ... সময়ক আমি হাতৰ মুঠিত ধৰি থব বিচাৰো যাতে জীৱনৰ ভাল সময়বোৰ পাৰ হৈ নাযায় আমাৰ মাজৰ পৰা...

আমি যে জীৱন যুঁজৰ একো একোজন অকালন্ত সৈনিক... জীৱনৰ সৈতে সংপিক্ত প্ৰতিজন আত্মীয়ক যে জীৱনতকৈও ভাল পাওঁ মই... হেৰুৱাব নিবিচাৰো তেওঁলোকৰ সাহচৰ্যৰ মধুময় ক্ষণবোৰৰ উমাল মৰম তথা আত্মীয়তাৰ আব্দাৰ... জীৱনৰ যে মইওঁ এজন দূৰন্ত প্ৰেমিক মই নিজে নজনাকৈয়ে...

(২১ নবেম্বৰ ২০১৭/ আমোলাপট্টি, নগাওঁ)

Monday, 23 October 2017

বিক্ষিপ্ত ভাৱনা

দীপাৱলীৰ দিনৰ চিন্তা

চৌপাশে পোহৰৰ আৱেশ... পিছে আতচবাজীৰ জোৱাৰত পোহৰৰ উৎসৱৰ মাদকতা যেন কৰবাত হেৰাল... মাটিৰ চাকি গছিৰ পোহৰে উজলাই তোলা আমাৰ চৌপাশে এতিয়া নানা ৰঙী তিৰ্ বিৰ্ বিজুলীবাটিৰ চমকনি... কোনোবাখিনিত বিলীন হৈ গল মাটিৰ চাকিৰ পোহৰত উজলি উঠা আমাৰ পাৰিপাৰ্শ্বিকতাৰ মাজত লুকাই থকা স্বকীয়তাখিনিও...

সভ্যতা-সংস্কৃতিৰ বিৱৰ্তনৰ দূৰন্ত গতিয়ে স্বকীয়তাক গ্ৰাস কৰাটো কিমান দূৰ গ্ৰহণযোগ্য আৰু কিমানখিনি সত্য... পৰিৱৰ্তন যিদৰে প্ৰকৃতিৰ নিয়ম - ঠিক সেই অনুৰূপে পৰিৱৰ্তনবোৰ হব লাগে সমাজৰ ভালৰ হকে... কিন্তু তাৰ বিপৰীত ছবি এখনহে আমাৰ সৰ্বত্ৰতে পৰিলক্ষিত হৈছে বৰ্তমান... ইয়াৰ অন্তৰালৰ ৰহস্য কি বাৰু...

প্ৰকৃততে পৰিৱৰ্তনবোৰ সমাজ আৰু সভ্যতাৰ হিতৰ বাবেই হৈ থকা নাইটো... বৰ্তমান সময়ৰ সৈতে নিজকে সংপৃক্ত কৰিব নোৱাৰা বাবেই মই হয়তো সকলোফালে পোহৰৰ তিৰবিৰনিৰ মাজতো অন্ধকাৰ দেখিছো কেৱল... এই অন্ধকাৰ আতৰাবলৈ জ্বলোৱা বিজুলীবাতিৰ সৈতে মোৰ কোনো দিনে শত্ৰুতা নাই সঁচা, সেইবুলি মোৰ দেশ আৰু মাটিৰ সভ্যতা-সংস্কৃতিৰ স্বকীয়তা বহনকাৰী মাটিৰ চাকিবোৰক কিয় হেৰাই যাবলৈ দিম মোৰ সন্মুখতে মোৰ জ্ঞাতসাৰে... বিজ্ঞানৰ চমকপ্ৰদ অগ্ৰগতিৰ সৈতে কিয় ফেৰ মাৰিব নোৱাৰিব দেশৰ সভ্যতা-সংস্কৃতিৰ পৰিচয় বহনকাৰী স্বকীয় অনুষ্ঠান আৰু আচাৰ-নীতিসমূহে...

(২০ অক্টোবৰ ২০১৭)

Friday, 29 September 2017

লোকবিশ্বাস, বিজ্ঞান মানসিকতা ইত্যাদি: নিজা অনুভৱ

লোকবিশ্বাস -

পৰম্পৰাগতভাৱে সমাজত চলি অহা কিছু নীতি নিয়ম আৰু বিশ্বাসৰ মাজেৰেই আমাৰ মাজত বৰ্তি আছে বহু লোকবিশ্বাসৰ... যাৰ গাত ভেঁজা দিয়েই আমাৰ সমাজ জীৱন হৈ উঠিছে ভিন্ন সময়ত ভিন্ন চৰিত্ৰৰে বৰ্ণময়... আমাৰ সমাজখনক শৃংখলাবদ্ধ কৰি তোলাত এই পুৰণি নিয়ম-নীতিবোৰৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে...

কিন্তু এই সকলোবোৰ লোকবিশ্বাসৰ ভেঁটি জানো বৈজ্ঞানিক ভাৱে ইমান সৱল যে যাক আমি বিনা দ্বিধাই মানি চলিম... আমাৰ  পূৰ্বজসকলে দেখুৱাই যোৱা বাটেৰে বাট বুলা আমিবোৰে সময়ৰ সৈতে তাল মিলাই বহু দূৰ আগুৱাই আহিলো... ভদ্ৰ ভাষাত আমি বৰ্তমান সভ্য সমাজৰ একো একোজন ভব্য গব্য বাসিন্দা হৈ পৰিলো... সমাজৰ নিভাঁজ সৰল জীৱন যাপন প্ৰণালীক আমিয়েই কৰি তুলিলো দিনক দিনে জটিলৰ পৰা জটিলতৰ... আমাৰে পূৰ্বজসকলৰ হাতত যিদৰে জিৰণিৰ বাবে পৰ্যাপ্ত সময় আছিল ঠিক সেইদৰে তেওঁলোকৰ সমাজত নাছিল আজিৰ দৰে অভাৱ আৰু আভিজাত্যৰ এখন অভেদ্য প্ৰাচীৰ...

আমাৰ লোকবিশ্বাসসমূহৰ বুনিয়াদ গঢ়ি উঠা সেই সময়ৰ সমাজ তথা সভ্যতাৰ বৰ্তমানৰ প্ৰতিনিধি আমিবোৰে সচাঁই জানো আজিৰ সময়ত সেই লোকবিশ্বাসবোৰ কেৱল সমাজৰ মংগলৰ বাবেই গ্ৰহণ কৰিছো... নে ইয়াৰ গাত ভেঁজা দিয়ে নিত্য নতুন সমাজৰ ক্ষতিকাৰক বিশ্বাসবোৰে মূৰ দাঙি উঠিছে আধুনিক শিক্ষাৰে শিক্ষিত আজিৰ সমাজ জীৱনৰে চুকে কোণে... ডাইনী হত্যা, কন্যা ভ্ৰুণ হত্যা, জৰা-ফুকা, বেজ-বেজালি, বলি-বিধানৰ পয়োভৰচোন দিনক দিনে বাঢ়িবহে লাগিছে আজিৰ সময়ত... কোন দায়ী ইয়াৰ বাবে... নে এয়া উত্তৰ আধুনিক জীৱন শৈলীৰে এক স্বাভাৱিক প্ৰক্ৰিয়া...

বিজ্ঞান মানসিকতা -

মধ্যাহ্ন ভোজনৰ সোৱাদ নোপোৱা আমিবোৰে প্ৰাথমিক বিদ্যালয়ৰ পৰাই বিজ্ঞান বিষয়টো পাঠ্যক্ৰমত অধ্যয়ন কৰি আহিছিলো উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱালৈকে বাধ্যতামূলক হিচাপে... আজিও প্ৰায় একে ধৰণৰ পাঠ্যক্ৰমেই চলি আছে আমাৰ বিদ্যালয়সমূহত... (পাৰ্থক্য মাথো চেকনিৰ আগত থকা বুলি বিশ্বাস কৰা অতীতৰ শিক্ষা ব্যৱস্থা এতিয়া সৰ্বশিক্ষাৰ কৰাল গ্ৰাসত পৰি উৱাদিহ নোহোৱা কৈ মাথো কাম চলাই নিছে) তাৰ মাজতো আমাৰ আধুনিক সমাজখনক বিভিন্ন নীতি-নিয়ম আৰু বিশ্বাসৰ নামত কিছুমান যুক্তিহীন আৱেগে আজিও বান্ধি ৰাখিবলৈ সক্ষম হৈছে... কিহৰ পাৰ্শ্বক্ৰিয়া বাৰু এইবোৰ... নে জীৱন যাত্ৰাৰ স্বাভাৱিক শৈলী হৈ পৰিছে আমাৰ অজানিতেই সমাজৰ ক্ষতিকাৰক এনে বহু উপাদান...

বিদ্যালয়ত নিউটনৰ গতি সূত্ৰ, প্ৰটন - নিউটন কণা, পোহৰৰ গতি সূত্ৰ আওঁৰাই আহি ঘৰত যেতিয়া পেটৰ বিষত ককা-আইতা বা চুবুৰীয়া কোনো দদাইদেউ-খুড়ীদেউৱে দিয়া মুখলগা জ্বৰা পানী খাওঁ, তেতিয়াই বিজ্ঞানে কলমটিয়াই খুন্দা মাৰেহি আমাৰ মনৰ চাৰিবেৰত... মনৰ ইচ্ছা পূৰণৰ বাবে, সন্তানৰ মংগলৰ কাৰণে যেতিয়া আমি কাৰোবাৰ বিধান মানি নিজৰ লগতে সন্তানৰো ককাঁল, হাত, ভৰি আদি শৰীৰ ভিন্ন স্থানত বান্ধি দিও ভিন্ন ৰঙী তাবিজ আৰু হাত-ভৰিৰ আঙুলিত পিন্ধাও বিভিন্ন বাখৰ বা ৰত্ন যুক্ত আঙুঠি - ঠিক তেতিয়া বিজ্ঞান মানসিকতাই কক্ বকাই ঠাওনি নোপোৱা পাৰিপাৰ্শ্বিকতাৰ মেৰপেচত পৰি...