Wednesday, 6 June 2018

পাক লগা চিন্তাৰ আঁত হেৰাই..

বনৰজাৰ খাদ্যৰ ভাগ লবলৈ সুযোগসন্ধানী দৃষ্টিৰে চুপ লৈ থাকে বনৰ বহু মাংসহাৰী প্ৰাণীয়ে.. স্বভাৱজাত প্ৰবৃত্তিৰ বশৱৰ্তী হৈ এই শ্ৰেণীৰ জীৱই বনৰজাৰ এৰেহা খাদ্যৰ ভাগ লয় সুবিধা বুজি.. কাৰ মাজতো চলে কিন্তু এখন অঘোষিত সুস্থ প্ৰতিযোগিতা..

তাৰেই অনুৰূপে যেন আধুনিক পৃথিৱীৰ সমস্ত জীৱকূলৰ মাজত শ্ৰেষ্ঠতৰ ৰূপে সৰ্বজনগৃহীত (তাকো নিজৰ দ্বাৰাই) মানৱে আজি যেন অৱস্থান কৰিছে নিজৰে বিভিন্ন সুবিধাজনক অৱস্থানত.. কিন্তু প্ৰতিযোগিতাৰ সুস্থ বাতাবৰণে যেন পলাই ফাট মাৰিল মানুহৰ মাজৰ পৰা.. ক্ষমতা আৰু অৰ্থলোভী মানৱৰ চকু কেৱল সুবিধাবাদতহে..

ব্যক্তি স্বাৰ্থৰ ভয়াবহতাত ক্ৰমে মানৱীয়তাৰ অপমৃত্যু ঘটিছে.. সৃষ্টি হৈছে সংঘাতৰ.. সমাজৰ লগত ব্যক্তিৰ সংঘাত.. ব্যক্তিৰ সৈতে ব্যক্তিৰ সংঘাত.. সকলোতে কেৱল সংঘাতৰ উপৰিও সংঘাত..

সাম্প্ৰদায়িক সংঘৰ্ষ.. ভাতৃঘাটি সংঘৰ্ষ.. পাৰিবাৰিক কন্দল.. সামাজিক কন্দল.. কত যে বিচিত্ৰ পৰিস্থিতিৰে সহাৱস্থান মানৱ মনৰ.. তথাপি সলনি নহয় সামাজিক অৱস্থাৰ, মানুহৰ মানসিকতাৰ.. কলিৰ আগমন নহয়টো এয়াই.. ধৰ্মীয় উন্মত্ততাৰে আক্ৰান্ত দেশ এখনত এনে মনোভাৱবোৰ মন-মগজুৰ আভ্যন্তৰত থকাটো একো অস্বাভাৱিক নহয়.. বৰঞ্চ নথকাটোহে সমাজৰ দহৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰে..

সমন্বয়ৰ বাৰ্তা যেন বৰ্তমান কেৱল মানুহৰ বক্তৃতা আৰু কিতাপৰ পাততে আৱদ্ধ হৈ পৰিছে.. সমন্বয় আৰু সমাহৰণ আজিৰ মানুহৰ বাবে দুটা শব্দ মাত্ৰ.. অৰ্ন্তনিহিত ভাৱাৰ্থৰ বোধগম্যতাৰ বাবে আহৰি নাই আমাৰ..

চৰকাৰী ৰঙাফিটাৰ মেৰ-পেচত পিষ্ট আমাৰ উত্তৰণ.. পৰিৱৰ্তন আৰু উন্নয়ন কেৱল ফাইলৰ মাজতে আৱদ্ধ.. ইমানৰ পিছতো ডিঙিৰ সিৰ ফুলাই দিয়া ভাষণৰ ফুলজাৰিয়ে দেশৰ প্ৰতিচ্ছবিক উন্নত দেশসমূহতকৈও আগলৈ লৈ যায়.. পাৰিলে কোনোবাদিনা চন্দ্ৰতে স্থাপন কৰিবগৈ আমাক..

আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ দুদোল্যমানতাত নিমজ্জিত সপোনবোৰৰ আধাবাটতে গতি ৰুদ্ধ হৈ পৰে.. ইয়াৰ অন্তৰালৰ গোপন অংকৰ যোগ-বিয়োগেই নিৰ্ণয় কৰে বহু কথাৰ সত্যতা..

ব্যক্তিগত স্বাৰ্থ সিদ্ধি যেতিয়া সময়ৰ দাবী হৈ পৰে... সামাজিক উন্নয়ন সপোনৰ নামান্তৰ কেৱল.. সপোনবোৰ উলমি থাকে দিঠকৰ সীমনাত..

(৫ জুন ২০১৮/ আমোলাপট্টি, নগাঁও)

Friday, 1 June 2018

সময়ৰ ভগ্নাংশ

জীৱনৰ ঐক্য কেন্দ্ৰিকতাত বিচ্ছিন্ন হয় সময়... সময় জানো সচাঁই বিচ্ছিন্ন হ'ব পাৰে জীৱনৰ কক্ষপথৰ পৰা... ঐক্য কেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ বিন্দুৰ বিচ্চুৰিত বৰ্ণালীয়ে উমাল কৰি তোলে সান্নিধ্যৰ আৱেশখিনিক... বসন্ত, বৰ্ষা, শৰৎ কিম্বা হেমন্তই জীনো ভোকৰ সংজ্ঞা সলাব পাৰে...

সময়ৰ ক্ষুদ্ৰ ভগ্নাংশত লহৰ উঠে বিচিত্ৰতাৰ... একঘেমায়ী জীৱনৰ স্থবিৰতাত ঘটনা ক্ৰমৰ বাৰেৰহনীয়া উপস্থিতি... গূঢ়াৰ্থ নাথাকিব পাৰে প্ৰতিটো মুহূৰ্তৰ তথাপি তাৰ বুকুতেই ৰচিত সময় ভৱিষ্যতৰ বুনিয়াদ...

চিফুং বাঁহীৰ সুৰৰ মায়াজালে ৰচে নতুন আশা... জ্যোতি, বিষ্ণু আৰু ভূপেনদাৰ অনুপস্থিতিত আকাশ বতাহ নিনাদিত হয় সুৰৰ এক অনামী মাতাল নিচাত...

সময়ৰ দাবীত আমি হৈ উঠো বিদ্ৰোহী... মাৰ্ক্স, লেনিন, গুৱেভাৰা হৈ উঠে আমাৰ আদৰ্শ... সামাজিক স্থিতাৱস্থা, ৰাজনৈতিক, অৰ্থনৈতিক দিশৰ বিভিন্ন কেৰোণসমূহে আমাক কৰি তোলে উত্তপ্ত একো একোটা অগ্নিশিখা... সৃষ্টি হয় ব্যক্তি আৰু সমাজৰ সংঘাত...

(১ জুন ২০১৮, নগাঁৱ)

Sunday, 4 March 2018

বিমূৰ্ত ভাৱনা

এটাই জীৱন...
এজন মানুহ...
এখন দেশ...
পুৰণি সাধুকথাৰ কথকতাত বিলীন হয় সময়...
নিৰ্জন দুপৰীয়াৰ নিঃসংগতা...
আকৌ নিঃসংগ নিশাৰ চিফুং বাঁহীৰ মাতাল সুৰত হেৰাই বিপ্লৱী সত্ত্বা...
সেই একেই ষাঠিটা ছেকেণ্ডতে মিনিটে মেলানি মাগে...
মিনিট গুচি ঘন্টা...
আৰু সেই অনুৰূপেই দিন, বাৰ, মাহৰ মিচিলত যোগ দিয়ে ঋতুৱে... ঋতু পৰিৱৰ্তনেৰে বাগৰি যায় বছৰবোৰো...
সেই একেবোৰ সমীকৰণৰে বেহিচাপী যোগ বিয়োগত জীৱনৰ বিচিত্ৰতাৰ ন ন আদৱ কায়দা...
আজৱ পৃথিৱীৰ বহুমাত্ৰিকতাৰ নিমিলা অংক...
এটা জীৱনেই হৈ পৰে ৰূপকথাৰ নানটা চৰিত্ৰ...
সময় আৰু পৰিস্থিতিৰ যোগসূত্ৰত এই চৰিত্ৰৰ বেহুতেই গঢ়ি উঠে সম্পৰ্কৰ বহুৰঙী পৃথিৱীখন...
(৪ মাৰ্চ ২০১৮/ গোলাঘাট নগাঁৱৰ যাত্ৰা পথত)