Saturday, 10 June 2023

২০১৮ উপভোগৰ অনুভৱ...

২০১৮ – প্ৰত্যেকেই একোজন নায়ক উপভোগ আৰু কিছু ব্যক্তিগত অনুভৱ

২০২৩ চনৰ ৫ মেত মুক্তি পোৱা বহু প্ৰতীক্ষিত ২০১৮ শীৰ্ষক মূল মালায়ালম ভাষাৰ চিনেমাখন যোৱা ৭ জুন তাৰিখে অনলাই প্লেটফৰ্মত হিন্দীত ভাষাত উপভোগ কৰিলো চালোঁ। মালায়ালম ভাষাৰ সৈতে চিনাকী নোহোৱা বাবে হিন্দী ভাষাতে উপভোগ কৰিবলৈ বাধ্য হলো। যিকোনো এক প্ৰাকৃতিক বিপৰ্যয়ক লৈ চিনেমা নিৰ্মাণ কৰাতো যে সহজ নহয় সেয়া প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰত্যক্ষভাৱে সন্মুখীন হোৱা দৰ্শক এজনৰ লগতে এই বিষয়ে অলপ মনোযোগ দিয়া ব্যক্তি এজনকো নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই। মই উপভোগ কৰা এই চিনেমাখন নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ আগবঢ়া এখন ৰাজ্য কেৰেলাত ২০১৮ চনত হোৱা বানপানীৰ ভয়াবহতাক লৈ। প্ৰাকৃতিক বিপৰ্যয়ক লৈ এতিয়ালৈকে উপভোগ কৰা ভাৰতীয় চিনেমাসমূহৰ ভিতৰত এইখনকে মই ব্যক্তিগতভাৱে শ্ৰেষ্ঠ চিনেমা বুলিম।

এই চিনেমাখনৰ অভিনয়ৰপৰা আৰম্ভ কৰি পৰিচালনালৈকে প্ৰতিটো দিশেই মোৰ দৰে সাধাৰণ দৰ্শকৰ বাবে নিখুঁত বুলিব পাৰি। সৰ্বোপৰি এই চিনেমাখন উপভোগ কৰিবলৈ যোৱা প্ৰতিজন দৰ্শকক পৰিচালকে চিনেমাৰ মাধ্যমেৰে ২০১৮ চনত কেৰেলাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাস্তৱিকতাক অনুধাৱন কৰাবলৈ সক্ষম হৈছে। বানপানীৰ ভয়াবহতাক আমি বাতৰি-কাকত বা দূৰদৰ্শনৰ মাধ্যমেৰে প্ৰায়ে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰোঁ। কিন্তু প্ৰতি বছৰে হোৱা সাধাৰণ বানপানীতকৈ যেতিয়া ৰুষ্ট প্ৰকৃতিৰ বাবে হোৱা অতিমাত্ৰা বৰষুণৰ ফলত স্বাভাৱিক বানপানীয়ে হঠাতে অতি ভয়াবহ ৰূপ ধাৰণ কৰে তেতিয়া মানুহ কিদৰে প্ৰকৃতিৰ সন্মুখত অসহায় হৈ পৰে তাৰ এক জীৱন্ত প্ৰতিফলন ২০১৮ চিনেমাখনত দৃশ্যমান হৈছে। বানপানীৰ বাস্তৱিক দৃশ্যায়নত পৰিচালকক আমি একেষাৰতে সফল বুলি ক'ব পাৰোঁ।

আটাইতকৈ উল্লেখযোগ্য বিষয়টো হল কেৰেলাত হৈ যোৱা এই ভয়াৱহ পৰিস্থিতিৰ বাবে সেই বছৰৰ অতিমাত্ৰা বৰষুণৰ সমান্তৰলভাৱে বিদ্যুৎ উৎপাদনৰ বাবে স্থাপন কৰা কেৰেলাৰ জলবিদ্যৎ প্ৰকল্পসমূহ সমানে দায়ী সেই বিষয়টোও সুচতুৰভাৱে পৰিচালকে উপস্থাপন কৰিছে।

কিন্তু পৰিচালকৰ সফলতা তথা এটা সুন্দৰ কাহিনীৰ প্লট থকাৰ পাছতো চিনেমাখনৰ যিটো দিশে মোক বেছিকৈ আকৰ্ষিত কৰিলে সেইটো চিনেমাখনৰ নামটোৰ সৈতে সংপৃক্ত হৈ থকা "প্ৰত্যেকেই একোজন নায়ক" শীৰ্ষক বাক্যশাৰীৰ চিনেমাখনৰ আৰম্ভণিৰপৰা শেষলৈকে থকা নিবিড় সম্পৰ্কটোৱেহে। আনহাতে এই বাক্যশাৰীৰ দৰেই চিনেমাখনত অভিনয় কৰা প্ৰায় প্ৰতিটো চৰিত্ৰই যেন বাস্তৱিক অভিনয়ৰ দিশেৰে একো একোজন নায়ক হৈ উঠিছে। তথাকথিত ভাৰতীয় ধাৰাৰ চিনেমাবোৰত থকাৰ দৰে ইয়াত কোনো নিৰ্দিষ্ট নায়ক-নায়িকা বা ভিলেইনৰ চৰিত্ৰৰ স্থান নাই। বা কোনোবা এটা চৰিত্ৰকো বিশেষভাৱে গুৰুত্ব দি চিনেমাখনৰ কাহিনীটো আগবঢ়া নাই। সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাতহে চিনেমাখনৰ কাহিনীটোৱে পূৰ্ণতা পাইছে।

সততে বাস্তৱ পৰিস্থিতি এটা চিনেমাৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহু সময়ত কল্পনাপ্ৰৱণতাই অধিক স্থান অধিকাৰ কৰা দেখা যায়। কিন্তু ২০১৮ চিনেমাখন উপভোগ কৰি থাকোতে কোনো ঠাইতে পৰিচালকে অতিকথা বা কল্পনাপ্ৰৱণতাৰ আশ্ৰয় লোৱা যেন বোধ নহয়। বিশেষকৈ নিজেই শৈশৱৰ পৰা বানপানীৰ সৈতে চিনাকী হোৱা সূত্ৰে চিনেমাখনৰ বহু দিশ উপস্থাপন কৰোতে পৰিচালকে কৰা কষ্টখিনি বুজি উঠাতো সহজ হৈছে। যদিও মই ব্যক্তিগতভাৱে সন্মুখীন হোৱা বানপানীৰ পৰিস্থিতি আৰু চিনেমাখনত চিত্ৰিত কৰা কেৰেলাৰ বানপানীৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া তথাপি বানপানীৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা, ঘৰৰপৰা আঁতৰি অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা, খাদ্য আৰু পানীৰ বাবে হোৱা হাহাকাৰ পৰিস্থিতি, চিকিৎসা আৰু চিকিৎসকৰ সমস্যা তথা শিশুসকলক লৈ হোৱা সমস্যাবোৰ কিন্তু প্ৰেক্ষাপট বেলেগ হলেও একেধৰণেৰে আহে মানুহৰ মাজলৈ। আৰু সেই সমস্যাখিনিৰ জীৱন্ত উপস্থাপনত পৰিচালক সম্পূৰ্ণৰূপে সফল হৈছে।

সৰ্বোপৰি মোৰ দৃষ্টিৰে চিনেমাখন যিটো দিশৰ বাবে আমি উপভোগ কৰিব লাগে আৰু যাৰ বাবে চিনেমাখন সাধাৰণ দৰ্শক মাত্ৰেই আকোঁৱালি লব সেয়া হল বানপানীৰ সময়ত জনতাই হাতে হাত ধৰি ইজনে সিজনক আগবঢ়োৱা সহায়ৰ হাত। প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত যেতিয়া চৰকাৰ তথা প্ৰশাসনৰ ফালৰপৰা হঠাতে সহায় কৰাৰ কোনো নিৰ্দিষ্ট উপায় নাথাকে সেই সময়ত স্থানীয় জনসাধাৰণে সহজতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় উলিয়াবলৈ সক্ষম হোৱাতো মানৱ সভ্যতাৰ তেনেই চিনাকী পৰিঘটনা। সেই বিষয়টোৰে এই চিনেমাখনত পৰিচালকে কেৰেলাৰ সাগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থাকি সাগৰত মাছ ধৰি জীৱন নিৰ্বাহ কৰা লোকসকলে কিদৰে বিপৰ্যয়ৰ সয়মত নিজৰ জীৱনকো তুচ্ছ কৰি আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে সেয়া উপস্থাপন কৰিছে অতি সংবেদনশীলতাৰে। চিনেমাখনৰ কাহিনী অনুসৰি হঠাতে অস্বাভাৱিকভাৱে বাঢ়ি অহা বানপানীত ৰাতিৰ সময়ছোৱাত প্ৰশাসনৰ ফালৰপৰা সহায় কৰিবলৈ কোনো বিকল্প ব্যৱস্থা হাতত নাছিল সেই সময়ত বানাপানীত আৱদ্ধ লোকসকলক উদ্ধাৰৰ লগতে সকলো প্ৰকাৰৰ সহায় কৰিবলৈ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছে সাগৰত মাছ ধৰি জীৱন নিৰ্বাহ কৰা লোকসকল। যিসকল লোকক সততে সমাজৰ উচ্চ শ্ৰেণীৰ লোকে হেয় দৃষ্টিৰে চোৱা দৃষ্ঠিগোচৰ হয় সেইসকলেই বিপদৰ সময়ত সহায়ৰ হাত হৈছে সকলোৰে বাবে। এইদৰে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰ তথা প্ৰশাসনেও কোনো নিশ্চিত উপায় উলিয়াব নোৱাৰাৰ সময়তে সাধাৰণ জনতাই একগোট হৈ স্বেচ্ছামূলকভাৱে বিপদত পৰা সকলক বিপদৰপৰা উদ্ধাৰ কৰাৰ দায়িত্ব কান্ধ পাতি লৈছে। চিনেমাখনৰ জৰিয়তে পৰিচালকে সাধাৰণ জনতালৈ দিব বিচৰা বাৰ্তাবোৰৰ ভিতৰত প্ৰধান বাৰ্তাটোৱেই হল যে প্ৰাকৃতিক দুৰ্যোগসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে সাধাৰণ জনতাই ঐক্যবদ্ধ হৈ নিঃস্বাৰ্থভাৱে যুঁজ দিয়াতোৱেই আটাইতকৈ দৰকাৰী কথা। কেৱল প্ৰাকৃতিক দুৰ্যোগৰ সময়তে নহয় আমাৰ সমাজৰ অন্যান্য যিকোনো সমাজিক-সাংস্কৃতিক সমস্যাৰাজিৰ সৈতে মোকাবিলা কৰি জয়ী হবলৈ প্ৰয়োজনীয় বিষয়টোৱেই হল জনতাৰ ঐক্যবদ্ধতা আৰু নিঃস্বাৰ্থ সেৱাৰ মনোবৃত্তি।

 

(9 June 2023/ Sorbhog)

**********


Thursday, 8 June 2023

ৰঙালী বিশেষ চিন্তা

 ৰঙালী বিশেষ চিন্তা

সমীয়া নতুন বছৰ মানে ৰঙালী বিহু অৰ্থাৎ বহাগ বিহু আহি পালেহিয়েচোন চকুৰ পলকতে। আমাৰ দৰে কৰ্মৰ তাগিদাত ঘৰৰপৰা দূৰৈত থকা সকলৰ বাবে বহাগ বিহুত ঘৰলৈ যোৱাটোও উৎসৱৰ আনন্দতকৈ কোনো গুণে কম নহয়। যদিওবা বিহুৰ আনন্দ ঘৰতো আগৰ তুলনাত এতিয়া নাই বুলিবই পাৰি। আনকি বিহুত গাঁৱৰ হুঁচৰি যোৰাকো বন্ধ শেষ হোৱাৰ আগতে নিমন্ত্ৰণ কৰিহে আনিবলগীয়া পৰিস্থিতি এটা আহি পৰিছে লাহে লাহে। এসময়ত দূপৰ নিশা টোপনিৰপৰা উঠি চকু মোহাৰি মোহাৰি দূৰণিৰ পৰা অহা হুঁচৰি উপভোগ কৰাৰ দিনবোৰলৈ মনত পেলোৱাৰ বাহিৰে যে এতিয়া গত্যন্তৰ নাই। তথাপি মাই আথে-বেথে এতিয়াও বিহুৰ পিঠা-পানা সাজু কৰে বিহুৰ দিনকেইটাতে। শ্ৰীমতীয়েও নিজাকৈ হাত উজান দিয়ে বিহুৰ যা-যোগাৰত। 

গছৰ পাতত কুঁহিপাত ওলোৱাৰ লগে লগে, গছবোৰত থকা কপৌ-ভাটৌ ফুলবোৰ ফুলিবলৈ আৰম্ভ হোৱাৰ পাছৰে পৰা বা কুলি-কেতেকীৰ মাতবোৰ শুনিবলৈ পোৱাৰ কিছুদিনৰ ভিতৰতে প্ৰকৃতিৰ নিয়ম মানি নামি অহে অসম আৰু অসমীয়াৰ মাজলৈ ৰঙালী বিহুৰ পাৰ ভঙা উছাহ আৰু আনন্দৰ ঢল। কিন্তু অসম আৰু অসমীয়াৰ বুকুৰ কুটুম এই ৰঙালী বিহুৰ সৈতে জড়িত পৰম্পৰা আৰু ৰীতি-নীতিবোৰৰ স্বকীয়তা ৰক্ষাৰ দায়িত্ব আমাৰে নহয় জানো! কিন্তু আমি আজিও কিমান সজাগ এই স্বকীয়তা ৰক্ষাক লৈ!!

যোৱা বছৰৰবোৰৰ দৰে এইবছৰো অসম মুলুকত ইতিমধ্যে ৰাজ্যখনৰ চুকে কোণে বিহুমেলাবোৰৰ আয়োজন পূৰ্ণগতিত আৰম্ভ হৈ গৈছে।এইদিশত যোৱা বছৰৰ অনুৰূপে এই বছৰতো ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াই নিৰ্দিষ্ট সময় এটা ধৰি, বিহু উদযাপন কৰি অহা কমিটিবোৰলৈ মোটা অংকৰ ধন  আগবঢ়াইছে। গতিকে অসম মুলুকৰ ৰাইজে হিয়া উবুৰিয়াই বিহু মেলা আয়োজন কৰাৰহে কথা নে কি কয় ৰাইজ!!

আজোককাৰ দিনৰ পৰম্পৰা ৰক্ষাৰ নামতে বিংশ শতিকাৰ ৭০-৮০ দশকৰপৰা নতুনকৈ আৰম্ভ হোৱা এক পৰম্পৰা মানি দোকানে দোকানে গৈ, ৰাজনৈতিক নেতা-পালিনেতাক লগ ধৰি, সুবিধা থকাসকলে ৰাষ্ট্ৰীয়-ঘাইপথত নাইবা গাঁও-চহৰৰ মাজেদি যোৱা গাড়ী-মটৰ আদিৰ পৰা ছান্দা তোলাৰ সময়ো আৰম্ভ হৈ গৈছে অসম মুলুকত

কিছুসংখ্যক নিজকে শৰাইঘটীয়া ডেকা বুলি চিনাকী দিবলৈ যোৱা অসমীয়া ডেকাইতো দিন হাজিৰা কৰি খোৱা ঠেলাৱালা-ৰিক্সাৱালাকো ছান্দা সংস্কৃতিৰপৰা ৰেহাই নিদিয়ে। অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল তথা ছাত্ৰ সংগঠনৰ প্ৰভাৱপুষ্ট এনে বহু ডেকাই যে জীৱন সংগ্ৰামৰ অ আ ক খ নিশিকাকৈয়ে জীৱন পাত কৰিছে অসম মুলুকত, সেয়া কিন্তু ১০০ শতাংশ নিশ্চিত

বৰ্তমান পুঁজিবাদ আৰু প্ৰযুক্তিবিদ্যাৰ অচিলাৰে এসময়ৰ গছতলৰ চহা অসমীয়াৰ চেনেহৰ বিহুনৃত্য-গীতে গৃহস্থৰ চোতাল আৰু এসময়ত চহৰৰ মঞ্চ গৰকি এতিয়া বিশ্ব প্ৰেক্ষাপটলৈ বাট বুলিছে। আমাৰ বাবে ই গৌৰৱৰ বিষয় নিশ্চয়কৈ। কিন্তু বিহুৰ এনে গৌৰৱময় ঐতিহ্যক প্ৰতিনিধিত্ব কৰি সময়ৰ সৈতে হোৱা ইতিবাচক পৰিৱৰ্তন আৰু নতুনত্বৰ সমান্তৰালভাৱে আমি অসমবাসীয়ে বিহুৰ পৰম্পৰা আৰু স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰতো সজাগ আৰু সতৰ্ক হম কেতিয়া!!

অসম আৰু অসমীয়াৰ বুকুৰ আপোন বিহুৰ পৰম্পৰা আৰু স্বকীয়তাৰ প্ৰতি সজাগ হোৱাৰ সলনি ইয়াৰ উৎসৱমুখিতাৰ প্ৰতিহে যেন বৰ্তমান আমি বেছি উন্মুখ। বিহু প্ৰকৃত অসমীয়া মাত্ৰৰে প্ৰাণৰ কোঁহে কোঁহে বিৰাজমান হৈ আছে। সেই প্ৰাণৰ আপোন বিহুক বৰ্তমান অসম চৰকাৰে গ্ৰীণিজ বুকৰ ৰেকৰ্ডত স্থান দিয়াৰ বাবে কৰা চেষ্টাৰ সমান্তৰালভাৱে কেনেকৈ ইয়াৰ স্বকীয়তাক সুদূৰপ্ৰসাৰী ৰূপত ধৰি ৰাখিব পৰা যায় তাৰ প্ৰতিহে মনোনিৱেশ কৰাতো বেছি প্ৰয়োজন বৰ্তমান সময়ত

পৰম্পৰাৰ নামত প্ৰৱহমান ৰক্ষণশীলতাক মানি লৈও সময়ৰ সৈতে হোৱা ইয়াৰ কিছু পৰিৱৰ্তন যে অৱশ্যাম্ভী সেয়া আমাৰ সকলোৰে সৰ্বজনবিদিত। কিন্তু সেই বুলিয়েই বিহু বুলিলেই অসমীয়াৰ মনলৈ অহা বিহুনৃত্যৰ ককাঁল ভঙা নাচোন বা বিহুগীতৰ চিনাকী সুৰৰ লগত যদি আমি ভাতৰবৰ্ষত জনপ্ৰিয় ভোজপুৰী গীত, পাঞ্জাৱৰ ভাংৰানৃত্য বা হিন্দী-ইংৰাজী সংগীত অদিৰ সুৰ আৰু নৃত্যৰ সংযোজন ঘটাও বা এইবোৰৰ উপৰিও অন্য গীত-নৃত্যৰ সংযোজনেৰে ফিউজন বিহুৰ সৃষ্টি কৰোঁ তেন্তে বিহুগীত আৰু বিহুনৃত্য বুলিলে অদূৰ ভৱিষ্যতে বাহিৰৰ প্ৰদেশ এখনৰ সাধাৰণ ব্যক্তি এজন বাদেই দিয়ক, আমাৰ অসমৰে নতুন পুৰুষে কি বুজিব সেয়া কল্পনা কৰিবলৈ আপুনি মই বেছি দূৰলৈ মন-মগজুক কষ্ট দিব নালাগে নিশ্চয়!! কাৰণ ইতিমধ্যে মানুহে প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰিছেই গছতলৰ বিহু বুলি যিটো বিষয় বিহু বুলিলেই আলোচনা হয়, সেইটো সচাঁই বিহুৰ সৈতে সংপৃক্ত আছিল জানো!!

অধ্যয়ন আৰু গৱেষণাৰে নিজৰ ঐতিহ্য-পৰম্পৰাক অন্তঃকৰণেৰে বুজিবলৈ যিটো প্ৰজন্মৰ গৰিষ্ঠসংখ্যকৰে সময় আৰু আগ্ৰহৰ অভাৱ, তেওঁলোকক আপুনি মই কেনেকৈ বুজাম বিহুৰ নামত বৰ্তমান প্ৰচলিত আধুনিক বিহুসুৰীয়া গীতবোৰ যে বিহুনামৰ আধুনিক সংস্কৰণহে! তাতে যদি ভুতৰ ওপৰত দানহ পৰাৰ দৰে পাশ্চাত্য ফিউজনৰ নামত বাৰে-ভচহু গীত-নৃত্যৰ প্ৰচলনহে বিহুমেলাৰ দৰে অনুষ্ঠানবোৰত হবলৈ আৰম্ভ কৰে তেন্তে আপুনি নিজেই অনুধাৱন কৰক বিহুৰ ভৱিষ্যত আৰু স্বকীয়তাক!!

চহা জনজীৱৰ অৱসৰ-বিনোদনৰ ফলস্বৰূপে সৃষ্টি হোৱা আনন্দ-ফূৰ্তিৰ মাধ্যম বিহুৰ পৰম্পৰা আৰু ৰীতি-নীতি ৰক্ষাৰ বাবে অসম মুলুকত সৃষ্টি কৰিব লগা হৈছে বিহু সুৰক্ষা সমিতিৰ দৰে অনুষ্ঠানৰ। ইও অসম আৰু অসমীয়াৰ ইতিহাসৰ বুকুত নথিভুক্ত হবলগীয়া এটা গুৰুত্বপূৰ্ণ পৰিঘটনাই। কাৰণ স্বতঃস্ফূৰ্ত হাঁহি-আনন্দৰ বাবে সৃষ্ট আপোন লোক-উৎসৱটোক আমি নিজৰ মাজতে জীয়াই ৰাখিবলৈ সুৰক্ষা সমিতি গঠন কৰিবলগীয়া অৱস্থা এটা অহাৰ পিছত যে ই যাদুঘৰৰ সম্পত্তি হবলৈ বেছিদিন নাই তাকো বহলাই ক'ব লাগিব জানো কাৰোবাক!! আৰু কমেই বা কাক!!

ইয়াৰোপৰি শেহতীয়া AI প্ৰযুক্তি সৃষ্ট নতুন ৰূপ-যৌৱনৰে মহিয়ান বৰদৈচিলাৰ আৱিৰ্ভাৱৰ দৰে ঘটনাবোৰে সমগ্ৰ বিষয়বোৰকে যে আকৌ এবাৰ নতুনকৈ চাবলৈ সকলোকে উৎসাহী কৰি তুলিব তাক বহলাই কোৱাতো নিষ্প্ৰয়োজন

 

 

(২৫ মাৰ্চ ২০২৩/মহাবিদ্যালয়ত)

*********

Thursday, 1 June 2023

দেশৰ নতুন সংসদ ভৱন আৰু অন্যান্য...

তি সম্প্ৰতি ভাৰত-বৰিষত এসময়ৰ ব্ৰিটিছ শাসনৰ প্ৰতি থকা ভাৰতীয়ৰ গোলামী মানসিকতাক সম্পূৰ্ণৰূপে উছন কৰাৰ মানসেৰে ব্ৰিটিছ আমোলত নিৰ্মাণ কৰা সংসদ ভৱনটোৰ কাষতে নতুন সংসদ ভৱন এটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হ'ল যুদ্ধ সদৃশ তৎপৰতাৰে। আনকি নতুন সংসদ ভৱনটো বিৰোধী দলসমূহৰ বিৰোধিতাৰ পাছতো নিৰ্দিষ্ট কৰা বিশেষ দিন এটাতে উদ্বোধন কৰা হ'ল। দিনটোৰ বিশেষত্বলৈ বাৰু ইয়াত নাযাওঁ। কাৰণ দেশৰ সাধাৰণ জনতাই মানি লৈছেই যেতিয়া যি হ'ল ভালেই হ'ল, আমিবোৰেনো কিয় ইয়াত মূৰ সোমোৱাৰ প্ৰয়োজন!!

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ দেশৰ সাংবিধানিক মুৰব্বীকে নিমন্ত্ৰণ কৰা নহ'ল যেতিয়া বিৰোধী দলৰ প্ৰতিবাদনো আৰু কিবা চিন্তাৰ বিষয় হ'লনে!! বৰ্তমান দেশৰ শাসনাধিষ্ঠ কেন্দ্ৰ চৰকাৰখনে ভাৰতীয় সংবিধানে নিৰ্দিষ্ট কৰা নিয়ম-কানুনবোৰক এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখুৱাই নতুন নিয়ম প্ৰৱৰ্তন কৰিলেও আমাৰ আৰু এতিয়া কবলগীয়া একো নাই। প্ৰয়োজন হলে নতুন সংসদতে জনতাৰ ওজৰ-আপত্তিলৈ কৰ্ণপাত নকৰাকৈ কেৱল চৰকাৰখনৰ সুবিধা অনুযায়ী সংবিধান সংশোধন কৰাৰ ব্যৱস্থা কৰা হ'ব, যাতে সাধাৰণ জনতাই ভৱিষ্যতে সংবিধানৰ দোহাই দি মিছাতে সৰু সৰু বিষয়বোৰত আস্ফালন কৰিব থাকিব লগা নহয়!

আনহাতে আইন-কানুনৰ যুক্তি-যুক্ততা আৰু প্ৰয়োজনীয়তাৰ বিষয়ত প্ৰশ্ন কৰিবলৈ এসময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ধৰি ৰখাসকলৰ ৯৯ শতাংশই কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশত উঠা বহা কৰা চাকৰিয়াললৈ পৰ্যবসিত হৈছে যোৱা এটা দশকত। ইয়াৰ পাছতো আপুনি কেনেকৈ কল্পনা কৰিব পাৰে ভাৰতবৰ্ষৰ সাধাৰণ জনতাৰ ভাত-কাপোৰৰ সমস্যাৰ বিষয়ে  সংবাদ পৰিৱেশন কৰাৰ দৰে কষ্টকৰ তথা অপ্ৰয়োজনীয় কামবোৰ ভাৰতীয় সংবাদ মাধ্যমে কৰিব!!!


(৩০ মে' ২০২৩/ সৰভোগ)

*********