ভাৰতবৰ্ষৰ ‘ইলেক্টৰেল বণ্ড’ৰ ইটো-সিটো
ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ সৰ্বোচ্চ সংস্থা উচ্চতম ন্যায়ালয়ৰ
কিছু সজাগ-সতৰ্ক দৃষ্টি তথা ক্ষিপ্ৰ কৰ্ম পদ্ধতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৰাজনৈতিক
দলসমূহৰ সুবিধাৰ বাবে বিশেষভাৱে প্ৰৱৰ্তন কৰা এক প্ৰকাৰৰ চুৰি কাৰ্য দেশৰ জনতাৰ
দৃষ্টিলৈ সৌ সিদিনা আহিছে। যিখন দেশত এজন সাধাৰণ চাকৰিয়ালে বছৰৰ প্ৰতিটো মাহত কৰা
নিৰ্দিষ্ট পৰিশ্ৰমৰ বিনিময়ত লাভ কৰা নিজৰ মাহেকীয়া বেতনৰ প্ৰতিটো পইচাৰ হিচাব
কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগক বছেৰেকৰ মূৰত দিব লাগে, সেইখন দেশতে ডাঙৰ ডাঙৰ
ব্যৱসায়ীসকলে কোটি কোটি টকাৰ আয়কৰ ফাঁকি আজিও দি আছে। তাতোকৈ ডাঙৰ কথা এনে বৃহৎ
উদ্যোগপতি তথা নামী-বেনামী ব্যৱসায়ৰ মালিকসকলে চৰকাৰৰ পৰা নিজৰ সুবিধাসমূহ আদায়
কৰাৰ লগতে অবৈধ উপায়েৰে আহৰণ কৰা কলা টকাসমূহ নিকা কৰাৰ বাবে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে
চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক বিশেষভাৱে আৰু লগতে দেশৰ অন্যান্য ৰাজনৈতিক দলসমূহক টকা-সিকা
দান কৰাৰ উপায় উলিয়াই দিছে ভাৰতববৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰপৰা। ইলেক্টৰেল
বণ্ড নামৰ এই বিশেষ পদ্ধতিটোৰ জৰিয়তে দেশৰ যিকোনো এজন ব্যক্তিয়ে ১০০০ ৰ পৰা
আৰম্ভ কৰি নিজে দিব পৰা পৰিমাণৰ বৈধ-অবৈধ টকা সম্পূৰ্ণ গোপনীয়ভাৱে ৰাজনৈতিক
দলসমূহলৈ দান হিচাপে আগবঢ়োৱাৰ ব্যৱস্থাটোকে আমি সাধাৰণ ভাষাত দিন-ডকাইতি আখ্যা
দিব পাৰো নিশ্চয়। কাৰণ যিখন দেশত সাধাৰণ চৰকাৰী চাকৰিয়ালৰ প্ৰতিজনৰে কষ্টোপাৰ্জিত
ধনৰ প্ৰতিটো পইচাৰ হিচাপ দেশৰ আয়কৰ বিভাগে লয়, সেই একেখন দেশৰে ৰাজনৈতিক দলসমূহক
দিয়া দানবোৰ আয়কৰৰ আওতাৰ পৰা বাহিৰত থকাৰ উপৰিও কি এনে বিশেষ কাৰণত গোপন কৰা হৈছে
সাধাৰণ জনতাৰ পৰা! আনকি ন্যায়পালিকাৰ পৰাও বিষয়টো সম্পূ্ৰ্ণ আঁতৰাই ৰখাৰ অন্তৰালৰ
কাৰণটো কি!!
আনকি এইখন ভাৰতবৰ্ষতে এজন সাধাৰণ মধ্যবিত্ত লোকে বেংকৰ পৰা
লোৱা ঋণ বিশেষ অসুবিধাৰ বাবেও নিৰ্দষ্ট সময়ত পৰিশোধ কৰিব নোৱাৰিলে বেংকৰ বিষয়াই
আহি ব্যক্তিজনৰ ঘৰ-মাটি আদি স্থাৱৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰি লয়। অথচ একেখন
দেশতে বৃহৎ পুঁজিপতিসকলে লাখ-লাখ কোটি টকা বেংকৰ পৰা ঋণ লৈ সময়ত ঘূৰাই দিয়াৰ সলনি এওঁলোকে
দেশ এৰি বিদেশত স্থায়ীভাৱে আশ্ৰয় লৈছেগৈ। কিন্তু এইক্ষেত্ৰত বেংকতো বাদেই
কেন্দ্ৰীয় চৰকাৰ তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে উপযুক্ত পদক্ষেপ ল’বলৈ সাহস নকৰাতোৱেই স্পষ্ট কৰে দেশৰ চৰকাৰ আৰু পুঁজিপতিৰ মাজত থকা গোপন
বুজা-পৰা আৰু অদৃশ্য আত্মিক-সম্পৰ্কৰ প্ৰকৃত প্ৰতিচ্ছবিখন। য’ত দেশ সেৱাৰ নামত চৰকাৰে চলাই অবৈধ অৰ্থ সংগ্ৰহৰ এখন ৰমৰমীয়া বেপাৰ।
ইমানৰ পিছতো আপুনি মই কেনেকৈ আশা কৰিব পাৰোঁ যে উচ্চতম
ন্যায়ালয়ে নিৰ্দেশ দিলে বুলিয়েই ইলেক্টৰেল বণ্ডৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ত
কেন্দ্ৰীয় চৰকাৰে নিজৰ ভুলৰ বিষয়ে বিতংকৈ বিৱৰি ৰাইজক অৱগত কৰিব!! ক’বলৈ গলে লুকাই-চুৰকৈ ডকাইতি আৰম্ভ কৰি
এতিয়া দিন ডকাইতিত নমা এটা পাকৈত চোৰৰ দলে যেনেকৈ স্বীকাৰ নিজকে আমিয়েই প্ৰকৃত চোৰ
বুলি মানি লবলৈ টান পাই ঠিক তেনে এক দৃশ্যপটৰে যেন ৰূপান্তৰ ঘটিবলৈ লৈছে ভাৰত
বৰিষত!! তাৰ সলনি আত্মসন্তুষ্টি লভাৰ সময় এয়া যে, আমি নহয় আমাতকৈ ডাঙৰ চোৰৰ গল
এইখন দেশতে আছে, গতিকে আমিতো তেওঁলোকৰ তুলনাত ধোৱা তুলসীৰ পাত।
হয়তো এনেকুৱাও হ’ব পাৰে বৰ্তমানৰ
পৰিৱৰ্তিত ভাৰতত আপোনাৰ- মোৰ অজ্ঞাতে একে ৰাতিতে সাধাৰণ জনতাৰ এশ-এবুৰি সমস্যাৰ
সকলো সমস্যাই সমাধান হৈ গ’ল! কাৰণ বৰ্তমান সমগ্ৰ ভাৰতত,
পৌৰাণিক গ্ৰন্থত বৰ্ণিত সেই যে ল’ৰালি কালৰ অবোধ দিনবোৰত আপোনাৰ মন
নগলেও মোৰ কোনোবা মুহূৰ্তত খাবলৈ মন যোৱা কাল্পনিক দ্ৰব্য অমৃতৰ সৈতে সম্পৰ্কিত ‘অমৃত কাল’ চলি আছে! নে কি কয় ৰাইজ!!!
************


