সভ্যতা-সংস্কৃতিৰ বিৱৰ্তনৰ দূৰন্ত গতিয়ে স্বকীয়তাক গ্ৰাস কৰাটো কিমান দূৰ গ্ৰহণযোগ্য আৰু কিমানখিনি সত্য... পৰিৱৰ্তন যিদৰে প্ৰকৃতিৰ নিয়ম - ঠিক সেই অনুৰূপে পৰিৱৰ্তনবোৰ হব লাগে সমাজৰ ভালৰ হকে... কিন্তু তাৰ বিপৰীত ছবি এখনহে আমাৰ সৰ্বত্ৰতে পৰিলক্ষিত হৈছে বৰ্তমান... ইয়াৰ অন্তৰালৰ ৰহস্য কি বাৰু...
হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Monday, 23 October 2017
বিক্ষিপ্ত ভাৱনা
সভ্যতা-সংস্কৃতিৰ বিৱৰ্তনৰ দূৰন্ত গতিয়ে স্বকীয়তাক গ্ৰাস কৰাটো কিমান দূৰ গ্ৰহণযোগ্য আৰু কিমানখিনি সত্য... পৰিৱৰ্তন যিদৰে প্ৰকৃতিৰ নিয়ম - ঠিক সেই অনুৰূপে পৰিৱৰ্তনবোৰ হব লাগে সমাজৰ ভালৰ হকে... কিন্তু তাৰ বিপৰীত ছবি এখনহে আমাৰ সৰ্বত্ৰতে পৰিলক্ষিত হৈছে বৰ্তমান... ইয়াৰ অন্তৰালৰ ৰহস্য কি বাৰু...
Friday, 29 September 2017
লোকবিশ্বাস, বিজ্ঞান মানসিকতা ইত্যাদি: নিজা অনুভৱ
লোকবিশ্বাস -
পৰম্পৰাগতভাৱে সমাজত চলি অহা কিছু নীতি নিয়ম আৰু বিশ্বাসৰ মাজেৰেই আমাৰ মাজত বৰ্তি আছে বহু লোকবিশ্বাসৰ... যাৰ গাত ভেঁজা দিয়েই আমাৰ সমাজ জীৱন হৈ উঠিছে ভিন্ন সময়ত ভিন্ন চৰিত্ৰৰে বৰ্ণময়... আমাৰ সমাজখনক শৃংখলাবদ্ধ কৰি তোলাত এই পুৰণি নিয়ম-নীতিবোৰৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে...
কিন্তু এই সকলোবোৰ লোকবিশ্বাসৰ ভেঁটি জানো বৈজ্ঞানিক ভাৱে ইমান সৱল যে যাক আমি বিনা দ্বিধাই মানি চলিম... আমাৰ পূৰ্বজসকলে দেখুৱাই যোৱা বাটেৰে বাট বুলা আমিবোৰে সময়ৰ সৈতে তাল মিলাই বহু দূৰ আগুৱাই আহিলো... ভদ্ৰ ভাষাত আমি বৰ্তমান সভ্য সমাজৰ একো একোজন ভব্য গব্য বাসিন্দা হৈ পৰিলো... সমাজৰ নিভাঁজ সৰল জীৱন যাপন প্ৰণালীক আমিয়েই কৰি তুলিলো দিনক দিনে জটিলৰ পৰা জটিলতৰ... আমাৰে পূৰ্বজসকলৰ হাতত যিদৰে জিৰণিৰ বাবে পৰ্যাপ্ত সময় আছিল ঠিক সেইদৰে তেওঁলোকৰ সমাজত নাছিল আজিৰ দৰে অভাৱ আৰু আভিজাত্যৰ এখন অভেদ্য প্ৰাচীৰ...
আমাৰ লোকবিশ্বাসসমূহৰ বুনিয়াদ গঢ়ি উঠা সেই সময়ৰ সমাজ তথা সভ্যতাৰ বৰ্তমানৰ প্ৰতিনিধি আমিবোৰে সচাঁই জানো আজিৰ সময়ত সেই লোকবিশ্বাসবোৰ কেৱল সমাজৰ মংগলৰ বাবেই গ্ৰহণ কৰিছো... নে ইয়াৰ গাত ভেঁজা দিয়ে নিত্য নতুন সমাজৰ ক্ষতিকাৰক বিশ্বাসবোৰে মূৰ দাঙি উঠিছে আধুনিক শিক্ষাৰে শিক্ষিত আজিৰ সমাজ জীৱনৰে চুকে কোণে... ডাইনী হত্যা, কন্যা ভ্ৰুণ হত্যা, জৰা-ফুকা, বেজ-বেজালি, বলি-বিধানৰ পয়োভৰচোন দিনক দিনে বাঢ়িবহে লাগিছে আজিৰ সময়ত... কোন দায়ী ইয়াৰ বাবে... নে এয়া উত্তৰ আধুনিক জীৱন শৈলীৰে এক স্বাভাৱিক প্ৰক্ৰিয়া...
বিজ্ঞান মানসিকতা -
মধ্যাহ্ন ভোজনৰ সোৱাদ নোপোৱা আমিবোৰে প্ৰাথমিক বিদ্যালয়ৰ পৰাই বিজ্ঞান বিষয়টো পাঠ্যক্ৰমত অধ্যয়ন কৰি আহিছিলো উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱালৈকে বাধ্যতামূলক হিচাপে... আজিও প্ৰায় একে ধৰণৰ পাঠ্যক্ৰমেই চলি আছে আমাৰ বিদ্যালয়সমূহত... (পাৰ্থক্য মাথো চেকনিৰ আগত থকা বুলি বিশ্বাস কৰা অতীতৰ শিক্ষা ব্যৱস্থা এতিয়া সৰ্বশিক্ষাৰ কৰাল গ্ৰাসত পৰি উৱাদিহ নোহোৱা কৈ মাথো কাম চলাই নিছে) তাৰ মাজতো আমাৰ আধুনিক সমাজখনক বিভিন্ন নীতি-নিয়ম আৰু বিশ্বাসৰ নামত কিছুমান যুক্তিহীন আৱেগে আজিও বান্ধি ৰাখিবলৈ সক্ষম হৈছে... কিহৰ পাৰ্শ্বক্ৰিয়া বাৰু এইবোৰ... নে জীৱন যাত্ৰাৰ স্বাভাৱিক শৈলী হৈ পৰিছে আমাৰ অজানিতেই সমাজৰ ক্ষতিকাৰক এনে বহু উপাদান...
বিদ্যালয়ত নিউটনৰ গতি সূত্ৰ, প্ৰটন - নিউটন কণা, পোহৰৰ গতি সূত্ৰ আওঁৰাই আহি ঘৰত যেতিয়া পেটৰ বিষত ককা-আইতা বা চুবুৰীয়া কোনো দদাইদেউ-খুড়ীদেউৱে দিয়া মুখলগা জ্বৰা পানী খাওঁ, তেতিয়াই বিজ্ঞানে কলমটিয়াই খুন্দা মাৰেহি আমাৰ মনৰ চাৰিবেৰত... মনৰ ইচ্ছা পূৰণৰ বাবে, সন্তানৰ মংগলৰ কাৰণে যেতিয়া আমি কাৰোবাৰ বিধান মানি নিজৰ লগতে সন্তানৰো ককাঁল, হাত, ভৰি আদি শৰীৰ ভিন্ন স্থানত বান্ধি দিও ভিন্ন ৰঙী তাবিজ আৰু হাত-ভৰিৰ আঙুলিত পিন্ধাও বিভিন্ন বাখৰ বা ৰত্ন যুক্ত আঙুঠি - ঠিক তেতিয়া বিজ্ঞান মানসিকতাই কক্ বকাই ঠাওনি নোপোৱা পাৰিপাৰ্শ্বিকতাৰ মেৰপেচত পৰি...
Thursday, 14 September 2017
আড্ডাৰ মাজেৰে কিছু সময়ৰ আমেজ...
ধৰ্মীয় গোড়ামিৰ মাজেৰে আহি পৰা সমাজৰ বিচ্ছিন্নতাবাদ - সাম্প্ৰদায়িক বিভেদৰ নিত্য-নতুন সম্পৰীক্ষা... এই সকলোবোৰ জানো জীৱশ্ৰেষ্ঠ মানুহৰ নিজা সম্পদ নহয়.... বিভেদকামী শক্তিৰ সন্মুখত প্ৰতিক্ষণ শিৰ নত্ কৰা আধুনিক পৃথিৱীৰ জীৱ শ্ৰেষ্ঠৰ সন্মুখত আজি স্বয়ং সৃষ্টিকৰ্তা আহিলেও যেন অসহায় হৈ পৰিব, তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াত... ইমান জটিলৰ পৰা জটিলতৰ হৈ পৰিছে নে বাৰু আমাৰ পাৰিপাৰ্শ্বিকতা... যত মুকলি মনেৰে এটা মিঠা পুৱাৰ আমেজ লোৱাটোও হৈ পৰিছে এক দুঃসাহসী কাৰ্য...
আধুনিক পৃথিৱীৰ সদা ব্যস্ত মানুহৰ সন্মুখত যেন কেৱল এতিয়া প্ৰতিযোগিতামুখৰ এক নিগনি দৌৰৰহে আয়োজন সকলোতে... কেৱল গতিৰ সমাহাৰ সকলো ফালে... কি জীৱনৰ দৈনন্দিন ব্যস্ততাতেই হওক বা জীৱনৰ স্বাভাৱিক গতি পথৰ বিভিন্ন খলা-বমাবোৰতে হওক...
(১৩ ছেপ্টেম্বৰ ২০১৭ - আমোলাপট্টি, নগাওঁ)