Wednesday, 28 June 2023

শ্ৰীৰঘূপতি দৰ্শনৰ অভিজ্ঞতা

সামাজিক মাধ্যমৰ জৰিয়তে হোৱা বিভিন্নজনৰ পৰ্যালোচনাবাতৰি কাকতৰ সাম্প্ৰতিক খবৰবোৰ আৰু চিনাকী দুই এজনৰ মুখৰপৰা শুনি অৱশেষত শ্ৰীৰঘূপতি চিনেমাখন আজি ভাইটি জানমণি আৰু তেওঁৰ সহধৰ্মিনীৰ সৈতে উপভোগ কৰিলোঁগৈ। বৰপেটা জিলাত এটা আধুনিক সা-সুবিধা থকা ভাল চিত্ৰগৃহৰ অভাৱ বুলি মই নকৈ বৰপেটাত বসবাস কৰা ব্যক্ত এজনক কোৱাৰ প্ৰয়োজন নাই নিশ্চয়। সেয়েহে বৰ্তমান কৰ্মসূত্ৰে বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ বাসিন্দা হোৱাত নিচেই কাষৰীয়া জিলা বঙ্গাইগাঁৱৰ জিলা সদৰত অৱস্থিতি ইউনিভাৰ্চেল চিত্ৰগৃহত চিনেমাখন উপভোগ কৰিবলগীয়া হ'ল।

একাষাৰতে ক'বলৈ হলে বিনোদনধৰ্মী অসমীয়া চিনেমা হিচাপে শ্ৰীৰঘূপতি পৰিয়াল এটাৰ সকলোৱে মিলি একেলগে উপভোগ কৰিব পৰা এখন চিনেমা। বিদূৰ ভাই শীৰ্ষক ৱেব চিৰিজৰ পৰিচালনাৰে অসমবাসীৰ অতিকে চিনাকী হৈ পৰা সুব্ৰত কাকতীয়ে প্ৰথম পৰিচালনা কৰা এই চিনেমাখনৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চিত্ৰগ্ৰহণ, সংলাপ, ডাবিং আৰু অভিনয়ৰ দিশত সততে অসমীয়া বিনোদন চিনেমাৰ ক্ষেত্ৰত দেখা দিয়া দূৰ্বলতাসমূহ ইয়াত সতকাই চকুত নপৰে। অসমীয়া চিনেমা উদ্যোগৰ দুজনমান চিনাকী প্ৰবীণ অভিনেতা-অভিনেত্ৰী আৰু বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অসমীয়া ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ জৰিয়তে নিজৰ দক্ষতাৰ পৰিচয় দিয়া দুগৰাকীমান অভিনেতা-অভিনেত্ৰীৰ সমাহাৰেৰে শ্ৰীৰঘূপতি অভিনয়ৰ দিশত বহু পৰিমাণে সফল বুলিব পাৰি। চিনেমাখনৰ চৰিত্ৰসমূহৰ বাবে অভিনেতা-অভিনেত্ৰীৰ নিৰ্বাচনো সঠিক হোৱা বুলিয়েই আমি ক'ব পাৰোঁ।

চিনেমাখনৰ মূল নায়ক ৰবি শৰ্মাৰ অভিনয়ৰ সম্পূৰ্ণতাক একাষৰীয়া কৰিও বিশেষভাৱে সকলোৱে আলোচনা কৰি থকা বিষয়টো হ'ল প্ৰবীণ অভিনেতা অৰুণ নাথৰ চৰিত্ৰৰ নতুনত্বটো। এই বয়সতো অগতানুগতিক তথা তেখেতে এতিয়ালৈকে অভিনয় কৰা চৰিত্ৰসমূহৰ লেখেৰে ইয়াত চিত্ৰায়িত কৰা সম্পূৰ্ণ নতুন ধৰণৰ এই চৰিত্ৰটোৰ অভিনয় সচাঁই প্ৰশংসনীয়। অভিনয়ৰ ক্ষেত্ৰত বয়স যে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেয়া অৰুণ নাথৰ অভিনয়ে প্ৰমাণ কৰি দেখুৱাইছে। ইয়াৰোপৰি সাজ-পোছাকৰ পৰা আৰম্ভ কৰি চৰিত্ৰটোৰ সৈতে সংপৃক্ত ধৰণ-কৰণত থকা নতুনত্বই তেখেতৰ আগৰ চিৰিয়া অভিনয়ত অভ্যস্ত দৰ্শক মাত্ৰৰ বাবেই অভিনয়ৰ এক নতুন খোৰাক যোগাইছে। আনহাতে 'বেহাৰবাৰী আউটপষ্ট' শীৰ্ষক জনপ্ৰিয় অসমীয়া ধাৰাবাহিকখনৰ এক শক্তিশালী আৰু এৰাব নোৱাৰা চৰিত্ৰ 'কেকে'ৰ জৰিয়তে অসমবাসীৰ মাজত চিনাকী হৈ পৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়েও চিনেমাখন এক বিশেষ মাত্ৰা দিছে। চিনেমা এখনৰ কাহিনীত ব্যংগাত্মক অভিনয় কৰি থকা অভিনেতা এজনে হঠাতে দৰ্শকৰ চকুলৈ চকুপানী আনি দিব পৰাৰ সক্ষমতা সকলো অভিনেতাৰে নাথাকে। যিটো সিদ্ধাৰ্থ শৰ্মাই নিজৰ চৰিত্ৰটোৰ বাবে নিৰ্দিষ্ট খুব কম পৰিসৰতে নিজৰ অভিনয় দক্ষতাৰে এই চিনেমাখনত কৰি দেখুৱাবলৈ সক্ষম হৈছে।

সৰ্বোপৰি চিনেমাখনৰ এটা শক্তিশালী দিশ হ'ল সংলাপ। চৰিত্ৰবোৰৰ মুখত দিয়া উপযুক্ত আৰু সময়োপযোগী সংলাপে দৰ্শকক চৰিত্ৰটোৰ সৈতে একাত্ম হৈ যোৱাৰ লগতে দৰ্শক মাত্ৰৰে মন-মগজুত এবাৰলৈ হলেও চিন্তাৰ লহৰ নোতোলাকৈ যে নাথাকে সেয়া খাটাং। মোৰ দৃষ্টিত আন সংলাপবোৰলৈ নগলেও, বিশেষকৈ জনপ্ৰতিনিধি এজন আৰু তেওঁৰ সৈতে হাত মিলাই দুষ্কাৰ্যত পৰোক্ষভাৱে সহায় কৰা উচ্চ বিষয়াসকলৰ বিৰুদ্ধে নায়কে কৰা প্ৰতিবাদৰ সময়ত তেখেতৰ মুখত দিয়া সংলাপ আৰু নায়কৰ ভনীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত নাৰী এগৰাকীৰ ধৰ্ষণৰ দৰে গুৰুতৰ বিষয় এটাৰ সম্পৰ্কে পৃষ্ঠভূমিত দিয়া সময়োপযোগী তথা প্ৰাসংগিক সংলাপে মানবীয় আৱেগ-অনুভূতি থকা দৰ্শক মাত্ৰৰে মন-মগজুক খন্তেকলৈ হলেও চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব যে সেয়া নিশ্চিত।

সামগ্ৰিকভাৱে বৰ্তমান আমাৰ ভাৰতীয় সমাজত ব্যৱস্থাত তথাকথিত জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ নিজকে ৰাইজৰ ৰজা বুলি দাবী কৰাৰ যি এক নতুন প্ৰৱণতা ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে তাৰ ক্ষুদ্ৰ ছবি এখন দেখুওৱাৰ সমান্তৰালভাৱে দক্ষ তথা সাহসী চৰকাৰী বিষয়া এজনেও যে সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে তাৰো প্ৰতিচ্ছবি এখন দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস চিনেমাখনত দেখা পোৱা গৈছে।

চিনেমাখনৰ শক্তিশালী দিশসমূহৰ লগতে দুটামান দুৰ্বলতাও দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকিল। বিশেষকৈ আৰম্ভণিতে নায়িকাৰ উপস্থিতিক দৰ্শকৰ আগত দাঙি ধৰিবলৈ সংযোজন কৰা গানটোৰ প্ৰাসংগিকতা অনুধাৱন কৰিবলৈ মোৰ দৰে সাধাৰণ দৰ্শক সক্ষম নহ'লোঁ। বিনোদন চিনেমা মানেই যে নায়ক-নায়িকাৰ মাজৰ ৰোমান্টিকতা দেখুৱাবলৈ সংগীত আৰু নৃত্যৰ প্ৰয়োজন, সেয়া বৰ্তমান সলনি কৰাৰ সময় হৈছে। আৰু সেই অনুৰূপে বৰ্তমান বহু ভাৰতীয় চিনেমা ৰোমান্টিক সংগীত নোহোৱাকৈয়ে দৰ্শকে আকোঁৱালি লৈছে। মূল চিনেমাখনত থকা বাকী কেইটা গীত প্ৰসংগৰ সৈতে বৰ সুন্দৰকৈ মিলি গৈছে। কিন্তু শ্ৰী ৰঘূপতিৰ আৰম্ভণিৰ এই গানটোহে অপ্ৰয়োজনীয়ভাৱে সংযোগ কৰাৰ দৰে হ'ল।

দ্বিতীয়তে চিনেখনৰ গতিময়তাইও পৰম্পৰাগত অসমীয়া চিনেমাৰ লেহেমীয়া গতিক যে বহু দূৰলৈ ঠেলি পঠিয়াছে সেয়া নিশ্চিত। কিন্তু চিনেমাখনৰ কাহিনীটোত ঘটনাৰ পাকচক্ৰত পৰি নায়িকাৰ সৈতে হোৱা নায়কৰ বিচ্ছেদৰ পাছত সংযোগবশতঃ পুনৰ দুয়োৰে মিলনৰ দৃশ্যাংশত এই গতিময়তা বহুখিনি ব্যাহত হৈছে। মোৰ দৃষ্টিত এই পৰিৱৰ্তিত গতি ননাকৈও চিনেমাখনৰ কাহিনীয়ে পূৰ্ণতা পালেহেঁতেন


(২৫ মাৰ্চ ২০২৩/ সৰভোগ)

********

Monday, 12 June 2023

অসমীয়া ভাষাত তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱ

 

অসমীয়া ভাষাত তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱ


অসমীয়া ভাষাত তিব্বত-বর্মী ভাষাৰ ধ্বনিতাত্ত্বিক প্রভাৱ -

ক. ভাষাতাত্ত্বিকসকলৰ মতে তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱতে সংস্কৃতত থকা দন্ত্য আৰু মূর্ধন্য ধ্বনি বিলোপ হৈ অসমীয়াত দন্তমূলীয় ধ্বনিৰ সৃষ্টি হৈছে।

. তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱতে মূল সংস্কৃতত নাথাকিলেও অসমীয়া ভাষাত কিছুমান ধ্বনি স্বাভাৱিকভাৱে অনুনাসিক হৈ পৰে।

গ. মূল সংস্কৃতৰ কিছুমান অল্পপ্রাণ ধ্বনি অসমীয়া ভাষাত মহাপ্রাণ ধ্বনিত পৰিণত হয় তিব্ব-বৰ্মী ভাষাৰ প্ৰভাৱতে। ইয়াকে মহাপ্ৰাণীকৰণ বোলে । উদাবৰণস্বৰূপে -

সংস্কৃত                              অসমীয়া

ত্ৰোটি                                ঠোঁট

বাষ্প                                 ভাপ

গৃহ                                  ঘৰ

অসমীয়া ভাষাৰ অন্তৰ্গত কামৰূপী উপভাষাত অল্পপ্রাণ ধ্বনি মহাপ্রাণ ধ্বনিত পৰিণত হোৱাৰ প্রণতা অতি বেছি। আনকি উজনিৰ ভাষাত যিবোৰ ধ্বনি অল্পপ্রাণ হিচাপে উচ্চাৰিত হয় কামৰূপী উপভাষাত সেইবোৰ মহাপ্ৰাণ হিচাপে উচ্চাৰিত হয়। যেনে:

উজনি                                       কামৰূপী

হাতী                                        হাথী

ভোক                                        ভখ, ভুখ

 

ঘ. অসমীয়া ভাষাত মূল সংস্কৃতৰ স্বৰবৰ্ণৰ সংখ্যা হ্রাস হোৱা, স্বৰবৰ্ণৰ হ্রস্ব-দীর্ঘৰ পাৰ্থক্যহীনতা আদি ধ্বনিতাত্ত্বিক (পার্থক্যৰ) বৈশিষ্ট্যৰ মূলতে চীন-তীব্বতীয় প্রভাৱ বুলি অনুমান কৰা হৈছে।

ঙ. সংস্কৃত ভাষাৰ তালব্য ধ্বনিসমূহ মাগধী প্রাকৃতত তালব্য-সৃষ্ট ধ্বনিত পৰিণত হয়। মাগধী প্ৰাকৃতৰ পৰা বিকশিত হোৱা আটাইবোৰ নব্য-ভাৰতীয় আৰ্য্য ভাষাতে এই ধ্বনিতাত্ত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়। একমাত্ৰ ব্যতিক্রম হৈছে অসমীয়া ভাষা। অসমীয়াত সংস্কৃতৰ তালব্য ধ্বনিসমূহ দন্ত্যমূলীয় উষ্ম হিচাপে উচ্চাৰণ হয়। অসমীয়া ভাষালৈ এই ধ্বনিতাত্ত্বিক বৈশিষ্ট্যৰ আগমন চীন-তিব্বতীয় ভাষা পৰিয়ালৰ পৰা হোৱা বুলি কব পাৰি । বড়ো-গাৰো আদি ভাষাতো তালব্য- ঘৃষ্ট ধ্বনি নাই, দন্ত্যমূলীয় উষ্ম বা দন্তমূলীয়-ঘৃষ্ট ধ্বনিহে আছে ।

চ. সংস্কৃতৰ শিশ্ (শ,,স) ধ্বনিসমূহ অসমীয়া তদ্ভৱ শব্দৰ মাজত বা শেহত নিয়মিত ভাবে "হ" ধ্বনিত পৰিণত হয়। আহোম, দেউৰী আদি ভাষা আৰ প্রভাৱতে অসমীয়া ভাষাত এই বৈশিষ্ট্যৰ আত্মপ্রকাশ ঘটিছে বুলি অনুমান কৰিব পাৰি। আহোম, দেউৰী আদি ভাষাত সংস্কৃতৰ 'শিশ্' ধ্বনিৰ উচ্চাৰণ নাই।

ছ. অসমীয়া ভাষাত অর্ধ-বিবৃত '' ধ্বনিৰ উচ্চাৰণ তিব্বত-বর্মী প্রভাৱৰ ফল।

 

*********

অসমীয়া ভাষাত তিব্বত-বর্মী ভাষাৰ ৰূপতাত্ত্বিক প্রভাৱ -


ক. অসমীয়া ভাষাত সমষ্টিগত সুকীয়া শব্দ যোগ কৰি বহুবচন বুজোৱা ৰীতিৰ প্রচলন আছে। অসমীয়া ভাষালৈ এই বৈশিষ্ট্য তিব্ব-বর্মী ভাষাৰ পৰা আহিছে। বিশেষকৈ অসমীয়া ভাষাৰ বহু বচনৰ প্রত্যয় 'বোৰ' বড়ো ভাষাৰ বহু ৰচনৰ প্রত্যয় 'ফোৰ'ৰ পৰা আৰু 'বিলাক' গাৰো ভাষাৰ 'ফিলাক'ৰ পৰা আহিছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে।

  গাৰো - ই আৰু ঙ ফিলাক : অসমীয়া - সৌবিলাক

সংস্কৃত ভাষাত কোনো শব্দত বহু ৰচনৰ প্রত্যয় যোগ হলে শব্দটোৰ মূল ৰূপৰ আকৃতিৰ সলনি হয়। কিন্তু তিব্বত-বর্মী ভাষাসমূহত এনে নহয়।

খ. অসমীয়া ভাষাত লিংগ বাচক শব্দৰ লগত 'মতা' বা 'মাইকী' শব্দ যোগ কৰি নাইবা সম্পূর্ণ সুকীয়া শব্দ ব্যবহাৰ কৰি লিংগ ভেদ কৰাৰ যি পদ্ধতি - সেইটো নিঃসন্দেহে তিব্বত-বর্মী ভাষাসমূহৰ প্রভাৱৰে ফল। বড়ো, গাৰো, ডিমাছা, চুতীয়া, মিচিং আদি সকলো ভাষাতে এনেদৰে লিংগ নিৰূপণ কৰা হয় ।

 

বড়ো                                অসমীয়া

হিনজান্ত                              মাইকী

হোৱা                                মতা

আদা                                 ককাই (পুং)

বিঝাই                               বৌ (স্ত্ৰী)

বড়ো ভাষাৰ স্ত্রী লিংগবাচক প্রত্যয় 'শ্রী'ৰ পৰাই অসমীয়া ভাষাৰ স্ত্রী লিংগবাচক প্রত্যয় 'ৰী'ৰ উৎপত্তি হোৱা বুলি কোৱা হয় ।

গ. পুৰুষ অনুযায়ী সম্বন্ধবাচক বিশেষ্যত বিভিন্ন প্রত্যয় যোগ কৰি সম্বন্ধ নিৰূপণ কৰা বীতি অসমীয়া ভাষাৰ এক বিশেষ বৈশিষ্ট্য। অসমীয়াত বোপাই, বাপেৰ, বাপেৰা, বাপেক আদিত -আই, -এৰা, -এক আদি যোগ হৈ বিভিন্ন পুৰুষ বুজোৱাৰ দৰে বড়ো ভাষাতো - আ, -নম, -বি প্রত্যয় যোগ হৈ বিভিন্ন পুৰুষ নির্দেশ কৰে। ডিমাছা, মিছিং, মণিপুৰী আদি ভাষাসমূহতো এই বৈশিষ্ট্য দেখা যায়। ড° বাণীকান্ত কাকতিৰ মতে - অসমীয়া ভাষালৈ এই বৈশিষ্ট্য অষ্ট্ৰিক ভাষাৰ পৰা আৰু গ্ৰীয়াৰ্ছন আদিৰ মতে তীব্বত-বর্মীৰ পৰা আহিছে ।

ঘ. ক্ৰিয়াৰ আগত '' যোগ হৈ নঞার্থক ভাব বুজোৱা আৰু সেই '' ক্রিয়াটোৰ প্রথম স্বৰধ্বনিৰ অনুৰূপে সমীভূত হোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। আহোম ভাষাত এই বৈশিষ্ট্য দেখা যায় ।

অসমীয়া ভাষাত -

ন - খাওঁ > নাখাওঁ

ন – যাওঁ > নাযাওঁ

               ন -দিয়ে > নিদিয়ে

               ন – পোৰে > নোপোৰে

       আহোম ভাষাত –

               মা – কিন > মিকিন

               মা – ক্যু > ম্যুকু

ঙ. বস্তুৰ আকৃতি, ধৰণ, গুণ, আদি বুজাবলৈ অসমীয়াত বিভিন্ন প্রত্যয় যোগ কৰা হয়, এইবোৰক নির্দিষ্টতাবাচক প্রত্যয় বোলা হয়। বিভিন্ন তিব্বত-বর্মী ভাষাত এনে নির্দিষ্টতাবাচক প্রত্যয় ব্যাপকভাৱে ব্যবহাৰ কৰা হয়। বড়ো ভাষাত প্ৰায় ৫০ টা, গাৰোতা প্ৰায় ৬০ টা, টাই ভাষাত প্রায় ৯০ টা এনে প্ৰত্যয়ৰ ব্যৱহাৰ দেখা যায়।

চ. অসমীয়া ভাষাৰ '', '' আদি' গঠনমূলক প্রত্যয় বড়ো ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে। উদাহৰণস্বৰূপে – বল্লম, পেখম, ধেপপা, ৰংচা আদি।

ছ. চেলেক, গম, জিৰা, ৰেপ, আগচ, গচক চেকুৰ, বখলিয়া, চেপ আদি ধাতুসমূহ অসমীয়া ভাষালৈ বড়ো ভাষাৰ পৰা আহিছে বুলি ড° বাণীকান্ত কাকতিয়ে মত পোষণ কৰিছে।

জ. অসমীয়া ভাষাত ৫মী বিভক্তিৰ চিন নাই। তাৰ পৰিৱর্তে সম্বন্ধ পদৰ বিভক্তি ‘ৰ’ পিছত ‘পৰা’ পৰসৰ্গ যোগ কৰি অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। বড়ো, ডিমাছা, মিচিং আদি ভাষাসমূহত এই ৰীতি লক্ষ্য কৰা যায়।

ঝ. প্রত্যয় নিষ্পন্ন কর্মবাচ্য গঠনৰ ঠাইত বিশ্লেষণাত্মক কর্মবাচ্য অসমীয়া ভাষাত গঠন হোৱাতো তিব্বত-বর্মী ভাষাসমূহৰ প্ৰভাৱ থাকিব পাৰে। বড়ো, দেউৰী-চুতীয়া আদি ভাষাত এনেদৰে কৰ্মবাচ্যৰ ভাব প্ৰকাশ কৰা হয়।


(২২ নবেম্বৰ ২০০৫)

**********

Saturday, 10 June 2023

২০১৮ উপভোগৰ অনুভৱ...

২০১৮ – প্ৰত্যেকেই একোজন নায়ক উপভোগ আৰু কিছু ব্যক্তিগত অনুভৱ

২০২৩ চনৰ ৫ মেত মুক্তি পোৱা বহু প্ৰতীক্ষিত ২০১৮ শীৰ্ষক মূল মালায়ালম ভাষাৰ চিনেমাখন যোৱা ৭ জুন তাৰিখে অনলাই প্লেটফৰ্মত হিন্দীত ভাষাত উপভোগ কৰিলো চালোঁ। মালায়ালম ভাষাৰ সৈতে চিনাকী নোহোৱা বাবে হিন্দী ভাষাতে উপভোগ কৰিবলৈ বাধ্য হলো। যিকোনো এক প্ৰাকৃতিক বিপৰ্যয়ক লৈ চিনেমা নিৰ্মাণ কৰাতো যে সহজ নহয় সেয়া প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰত্যক্ষভাৱে সন্মুখীন হোৱা দৰ্শক এজনৰ লগতে এই বিষয়ে অলপ মনোযোগ দিয়া ব্যক্তি এজনকো নিশ্চয় বহলাই কোৱাৰ প্ৰয়োজন নাই। মই উপভোগ কৰা এই চিনেমাখন নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ আগবঢ়া এখন ৰাজ্য কেৰেলাত ২০১৮ চনত হোৱা বানপানীৰ ভয়াবহতাক লৈ। প্ৰাকৃতিক বিপৰ্যয়ক লৈ এতিয়ালৈকে উপভোগ কৰা ভাৰতীয় চিনেমাসমূহৰ ভিতৰত এইখনকে মই ব্যক্তিগতভাৱে শ্ৰেষ্ঠ চিনেমা বুলিম।

এই চিনেমাখনৰ অভিনয়ৰপৰা আৰম্ভ কৰি পৰিচালনালৈকে প্ৰতিটো দিশেই মোৰ দৰে সাধাৰণ দৰ্শকৰ বাবে নিখুঁত বুলিব পাৰি। সৰ্বোপৰি এই চিনেমাখন উপভোগ কৰিবলৈ যোৱা প্ৰতিজন দৰ্শকক পৰিচালকে চিনেমাৰ মাধ্যমেৰে ২০১৮ চনত কেৰেলাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাস্তৱিকতাক অনুধাৱন কৰাবলৈ সক্ষম হৈছে। বানপানীৰ ভয়াবহতাক আমি বাতৰি-কাকত বা দূৰদৰ্শনৰ মাধ্যমেৰে প্ৰায়ে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰোঁ। কিন্তু প্ৰতি বছৰে হোৱা সাধাৰণ বানপানীতকৈ যেতিয়া ৰুষ্ট প্ৰকৃতিৰ বাবে হোৱা অতিমাত্ৰা বৰষুণৰ ফলত স্বাভাৱিক বানপানীয়ে হঠাতে অতি ভয়াবহ ৰূপ ধাৰণ কৰে তেতিয়া মানুহ কিদৰে প্ৰকৃতিৰ সন্মুখত অসহায় হৈ পৰে তাৰ এক জীৱন্ত প্ৰতিফলন ২০১৮ চিনেমাখনত দৃশ্যমান হৈছে। বানপানীৰ বাস্তৱিক দৃশ্যায়নত পৰিচালকক আমি একেষাৰতে সফল বুলি ক'ব পাৰোঁ।

আটাইতকৈ উল্লেখযোগ্য বিষয়টো হল কেৰেলাত হৈ যোৱা এই ভয়াৱহ পৰিস্থিতিৰ বাবে সেই বছৰৰ অতিমাত্ৰা বৰষুণৰ সমান্তৰলভাৱে বিদ্যুৎ উৎপাদনৰ বাবে স্থাপন কৰা কেৰেলাৰ জলবিদ্যৎ প্ৰকল্পসমূহ সমানে দায়ী সেই বিষয়টোও সুচতুৰভাৱে পৰিচালকে উপস্থাপন কৰিছে।

কিন্তু পৰিচালকৰ সফলতা তথা এটা সুন্দৰ কাহিনীৰ প্লট থকাৰ পাছতো চিনেমাখনৰ যিটো দিশে মোক বেছিকৈ আকৰ্ষিত কৰিলে সেইটো চিনেমাখনৰ নামটোৰ সৈতে সংপৃক্ত হৈ থকা "প্ৰত্যেকেই একোজন নায়ক" শীৰ্ষক বাক্যশাৰীৰ চিনেমাখনৰ আৰম্ভণিৰপৰা শেষলৈকে থকা নিবিড় সম্পৰ্কটোৱেহে। আনহাতে এই বাক্যশাৰীৰ দৰেই চিনেমাখনত অভিনয় কৰা প্ৰায় প্ৰতিটো চৰিত্ৰই যেন বাস্তৱিক অভিনয়ৰ দিশেৰে একো একোজন নায়ক হৈ উঠিছে। তথাকথিত ভাৰতীয় ধাৰাৰ চিনেমাবোৰত থকাৰ দৰে ইয়াত কোনো নিৰ্দিষ্ট নায়ক-নায়িকা বা ভিলেইনৰ চৰিত্ৰৰ স্থান নাই। বা কোনোবা এটা চৰিত্ৰকো বিশেষভাৱে গুৰুত্ব দি চিনেমাখনৰ কাহিনীটো আগবঢ়া নাই। সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাতহে চিনেমাখনৰ কাহিনীটোৱে পূৰ্ণতা পাইছে।

সততে বাস্তৱ পৰিস্থিতি এটা চিনেমাৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহু সময়ত কল্পনাপ্ৰৱণতাই অধিক স্থান অধিকাৰ কৰা দেখা যায়। কিন্তু ২০১৮ চিনেমাখন উপভোগ কৰি থাকোতে কোনো ঠাইতে পৰিচালকে অতিকথা বা কল্পনাপ্ৰৱণতাৰ আশ্ৰয় লোৱা যেন বোধ নহয়। বিশেষকৈ নিজেই শৈশৱৰ পৰা বানপানীৰ সৈতে চিনাকী হোৱা সূত্ৰে চিনেমাখনৰ বহু দিশ উপস্থাপন কৰোতে পৰিচালকে কৰা কষ্টখিনি বুজি উঠাতো সহজ হৈছে। যদিও মই ব্যক্তিগতভাৱে সন্মুখীন হোৱা বানপানীৰ পৰিস্থিতি আৰু চিনেমাখনত চিত্ৰিত কৰা কেৰেলাৰ বানপানীৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া তথাপি বানপানীৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা, ঘৰৰপৰা আঁতৰি অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা, খাদ্য আৰু পানীৰ বাবে হোৱা হাহাকাৰ পৰিস্থিতি, চিকিৎসা আৰু চিকিৎসকৰ সমস্যা তথা শিশুসকলক লৈ হোৱা সমস্যাবোৰ কিন্তু প্ৰেক্ষাপট বেলেগ হলেও একেধৰণেৰে আহে মানুহৰ মাজলৈ। আৰু সেই সমস্যাখিনিৰ জীৱন্ত উপস্থাপনত পৰিচালক সম্পূৰ্ণৰূপে সফল হৈছে।

সৰ্বোপৰি মোৰ দৃষ্টিৰে চিনেমাখন যিটো দিশৰ বাবে আমি উপভোগ কৰিব লাগে আৰু যাৰ বাবে চিনেমাখন সাধাৰণ দৰ্শক মাত্ৰেই আকোঁৱালি লব সেয়া হল বানপানীৰ সময়ত জনতাই হাতে হাত ধৰি ইজনে সিজনক আগবঢ়োৱা সহায়ৰ হাত। প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত যেতিয়া চৰকাৰ তথা প্ৰশাসনৰ ফালৰপৰা হঠাতে সহায় কৰাৰ কোনো নিৰ্দিষ্ট উপায় নাথাকে সেই সময়ত স্থানীয় জনসাধাৰণে সহজতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় উলিয়াবলৈ সক্ষম হোৱাতো মানৱ সভ্যতাৰ তেনেই চিনাকী পৰিঘটনা। সেই বিষয়টোৰে এই চিনেমাখনত পৰিচালকে কেৰেলাৰ সাগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত থাকি সাগৰত মাছ ধৰি জীৱন নিৰ্বাহ কৰা লোকসকলে কিদৰে বিপৰ্যয়ৰ সয়মত নিজৰ জীৱনকো তুচ্ছ কৰি আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে সেয়া উপস্থাপন কৰিছে অতি সংবেদনশীলতাৰে। চিনেমাখনৰ কাহিনী অনুসৰি হঠাতে অস্বাভাৱিকভাৱে বাঢ়ি অহা বানপানীত ৰাতিৰ সময়ছোৱাত প্ৰশাসনৰ ফালৰপৰা সহায় কৰিবলৈ কোনো বিকল্প ব্যৱস্থা হাতত নাছিল সেই সময়ত বানাপানীত আৱদ্ধ লোকসকলক উদ্ধাৰৰ লগতে সকলো প্ৰকাৰৰ সহায় কৰিবলৈ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছে সাগৰত মাছ ধৰি জীৱন নিৰ্বাহ কৰা লোকসকল। যিসকল লোকক সততে সমাজৰ উচ্চ শ্ৰেণীৰ লোকে হেয় দৃষ্টিৰে চোৱা দৃষ্ঠিগোচৰ হয় সেইসকলেই বিপদৰ সময়ত সহায়ৰ হাত হৈছে সকলোৰে বাবে। এইদৰে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰ তথা প্ৰশাসনেও কোনো নিশ্চিত উপায় উলিয়াব নোৱাৰাৰ সময়তে সাধাৰণ জনতাই একগোট হৈ স্বেচ্ছামূলকভাৱে বিপদত পৰা সকলক বিপদৰপৰা উদ্ধাৰ কৰাৰ দায়িত্ব কান্ধ পাতি লৈছে। চিনেমাখনৰ জৰিয়তে পৰিচালকে সাধাৰণ জনতালৈ দিব বিচৰা বাৰ্তাবোৰৰ ভিতৰত প্ৰধান বাৰ্তাটোৱেই হল যে প্ৰাকৃতিক দুৰ্যোগসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে সাধাৰণ জনতাই ঐক্যবদ্ধ হৈ নিঃস্বাৰ্থভাৱে যুঁজ দিয়াতোৱেই আটাইতকৈ দৰকাৰী কথা। কেৱল প্ৰাকৃতিক দুৰ্যোগৰ সময়তে নহয় আমাৰ সমাজৰ অন্যান্য যিকোনো সমাজিক-সাংস্কৃতিক সমস্যাৰাজিৰ সৈতে মোকাবিলা কৰি জয়ী হবলৈ প্ৰয়োজনীয় বিষয়টোৱেই হল জনতাৰ ঐক্যবদ্ধতা আৰু নিঃস্বাৰ্থ সেৱাৰ মনোবৃত্তি।

 

(9 June 2023/ Sorbhog)

**********