Monday, 24 March 2014

কাৰবি সমাজ জীৱনত প্ৰচলিত ডেকাচাঙৰ পৰম্পৰা - জিৰকেদাম



উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য জনগোষ্ঠীসমূহৰ মাজত বিৰাজমান ডেকাচাঙৰ পৰম্পৰা কাৰবিসকলৰ মাজতো দেখা পোৱা যায়। দেশ, জাতি তথা সমাজ-সংস্কৃতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে উঠি অহা যুৱশক্তিৰ ওপৰত। কাৰবিসকলৰ বিশ্বাস অনুলৰি কাৰবিসকলৰ শ্ৰেষ্ঠ পুৰুষ ককা হাৰবামনে সেয়েহে ডেকা-গাভৰুসকলক আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা সামাজিক ৰীতি-নীতি, অধ্যাত্মিক দৰ্শন, কৃষি, প্ৰশাসন, নৃত্য-গীত, শিল্প আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষাৰে উপযুক্ত কৰি গঢ়ি তোলাৰ স্বাৰ্থতে নতুন পৰম্পৰাৰে সৃষ্টি কৰিলে জিৰছং বা ডেকাচাংৰ পৰম্পৰাৰ, যাক কাৰবি ভাষাত এটা শব্দত কোৱা হয় জিৰকেদামজিৰ মানে বন্ধু আৰু আছং মানে সমভাবাপন্ন গোট। অৰ্থা একে আদৰ্ৰ যুৱক-যুৱতীৰ গোটটোৱেই জিৰছং। জিৰছঙৰ ডেকা সদস্যক জিৰপ’’, গাভৰু সদস্যক জিৰপী বা মাৰপী আৰু নাবালক সদস্যক আজাৰ আছ বোলা হয়।

কাৰবিসকলৰ মাজত প্ৰচলিত গীতৰ পৰা ককা ৰূকাছেনৰ পৃষ্ঠপোষকতাত হাৰবামনে ডেকাচাঙৰ প্ৰৱৰ্তন  কৰাৰ বিষয়ে আমি জানিব পাৰো -
থেলুলে লৰি
ইৰূ হাৰবামন লংকি
জুদেত আলাম দি
অ ফেৰাংকে চুতি
মেকাৰ আহুমৰি
লহুমৰি দাম ছি
ক্ৰোংচিছাই নাংজি...।
(হাৰবামনে কাৰবি ডেকাসকলক আমন্ত্ৰণ জনাবলৈ ফেৰাংকে (টেকেলা)ক নিৰ্দেশ দিলে। পেৰাংকেৰ আমন্ত্ৰণক্ৰমে ডেকা-গাভৰুসকল গোট খালে। এই যুৱ সমাৱেশৰ উদ্দেশ্য আছিল জিৰছং গঠন কৰাৰ বিষয়ে আলোচনা কৰা। হাৰবামনে ডেকা-গাভৰুসকলৰ লগত জিৰছঙৰ বিষয়ে আলোচনা কৰিলে আৰি তেওৰ চেষ্টাতে কাৰবি সমাজত সৰ্বপ্ৰথম জিৰছং গঠন হল।)

ডেকাচাঙৰ তেৰাঙক্ নামৰ এটা কৰ্মশালাৰ গৃহ থাকে। ইয়াৰ চোতালত এজন মানুহ বহিব পৰা বাঁহেৰে সজা চকী এখনৰ দৰে এখন মূল আসন থাকে। ইয়াকে হংথৰ বোলা হয়। বৰ্গাকৃতিৰ চাৰিটা খুঁটি মজবুতকৈ পুতি হংথৰ সজা হয়। ইয়াত কেৱল ক্লেংছাৰপ’’ বা ডেকাচাঙৰ দলপতিহে বহিব পাৰে।

ডেকাচাঙৰ আন এক সাংস্কৃতিক সম্পদ হল বাৰলন। বাৰলন হল ১৫-১৬ হাত দীঘল এডাল বাঁহ। কাৰুকাৰ্য খচিত এই বাঁহডাল ডেকাহঁতে জুমখেতিলৈ যাওতে দুই হাতেৰে থিয়কৈ পতাকা লৈ যোৱাৰ দৰে ঢোলে-ডগৰে সমদলৰ আগে আগে নিয়াৰ পৰম্পৰা কাৰবি সমাজত বিদ্যমান।

ক্লেংছাৰপ (দলপতি) জিৰছংৰ সৰ্বোচ্চ পদ। গাওবুঢ়াৰ দ্বাৰা নিৰ্বাচিত ক্লেংছাৰপই ডেকাচাঙৰ পৰিচালনাৰ দায়িত্ব পালন কৰে। জিৰছংৰ পদমৰ্যাদাৰ ফালৰ পৰা দ্বিতীয় সৰ্বোচ্চ পদটো হল ক্লেংদুন বা সহকাৰী দলপতি। এও ক্লেংছাৰপক সকলো কামতে সহায় কৰিব লাগে। ক্লেংদুন পদৰ বাবে উপযুক্তজনক ডেকাসকলৰ মাজৰ পৰা ক্লেংছাৰপই নিজে বাছি লয়।

জিৰছংৰ সকলো কাৰ্যসূচীৰ তদাৰক কৰাৰ বাবে থকা আন দুটা পদ – ছদাৰ-কেথে আৰু ছদাৰ-কেছে হল ক্ৰমে মুখ্য কাৰ্যবাহী সদস্য আৰু সহকাৰী কাৰ্যবাহী সদস্য।
ছাংহৰাই আৰু ছাংহৰাইছ পদত থকা বিষয়ববীয়া দুজন বিচক্ষণ হোৱা প্ৰয়োজন। ডেকাচাঙত যাতে ভুল বুজাবুজিৰ সৃষ্টি হৈ ইয়াৰ ঐকৈ বিনষ্ট নহয় তাৰ প্ৰতি এওলোক দুজনে চোকা নজৰ ৰাখিব লাগে।

ডেকাচাঙৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে আনিব লগা আগলি বাঁহডাল অনাৰ দায়িত্বত থকা দুজন হল – বাৰলন-কেথে আৰু বাৰলনছ। বাৰলন-কেথেই জুমখেতিলৈ ৰিৎনংচিংদি বা কৃষি যাত্ৰাৰ দিনা বাঁহডাল কঢ়িয়াই সমদলৰ আগে আগে যাব লাগে।

ডেকাচাঙৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত প্ৰথম কাৰ্ষসূচী হল ৰিৎনংচিংদি বা কৃষিযাত্ৰা। কংকং অৰ্থাৎ কেতেকী চৰায়ে মাতিলেই ডেকাচাঙৰ সদস্যকলে জুমতলী বিচাৰি যোৱাৰ পৰা আৰম্ভ হয় ৰিৎনংচিংদি অনুষ্ঠানৰ। ইয়াৰ উপৰিও জুমতলীৰ পৰা মৰণা মাৰি থোৱা ধান সমূহীয়া ভাৱে কঢ়িয়াই আনি ভঁৰালত থোৱা প্ৰক্ৰিয়া চক-কেৰয়, জুন পূজাৰ লোকদেৱতাসকলৰ পূজাৰ বাবে দৰকাৰী বিভিন্ন মাছ, শামুকজাতীয় কুমফী, কেকোৰা আৰু ফৰিঙ আদি সংগ্ৰহ কৰাৰৰ বাবে সমূহীয়াভাৱে মাছ ধৰা অনুষ্ঠান অককেপ্ৰু আদিটো ডেকাচাঙৰ সদস্যসকলে অংশগ্ৰহণ কৰে। বনজ সম্পদ সংগ্ৰহ কৰাৰ অভিজ্ঞতা আহৰণ কৰা আৰু মৃগয়া বিদ্যাৰ অভিজ্ঞতা আহৰণ কৰা আদি কাৰ্যও ডেকাচাঙতে সম্পন্ন হয়। সামৰণি উৎসৱ জিৰঅৰিৰ যোগেদি ডেকাচাঙৰ তিনিবছৰীয়া ম্যাদ শেষ কৰাৰ কথা ঘোষণা কৰা হয়। জিৰঅৰি শব্দৰ জিৰৰ অৰ্থ হল সমভাবাপন্ন গোট, মানে ত্যাগ আৰু ৰি মানে নকৰা। অৰ্থাৎ এটা চামৰ জিৰছং শেষ হলেও এই প্ৰথা যেন শেষ হৈ নাযায়, পুনৰ নতুন চামে ডেকাচাং যেন গঠন কৰে তাৰেই ইংগিত দিয়া হয়। (দাস, নবেম্বৰ ২০১০, পৃ. ১৪০)

সহায়ক গ্ৰন্থপঞ্জী
দাস, বসন্ত – কাৰবি সংস্কতিৰ ইতিহাস, (সম্পাদনা – অজিত ছিংনাৰ), আঁক-
বাক, গান্ধীবস্তি, গুৱাহাটী – ৭৮১০০৩, প্ৰথম প্ৰকাশ – নবেম্বৰ, ২০১০
মলিনা দেৱী ৰাভা (মুখ্য সম্পা.) – অসমৰ জনজাতি আৰু সংস্কৃতি, অসম সাহিত্য
সভা, প্ৰথম প্ৰকাশ – ২০১১
****************

No comments:

Post a Comment