সম্ভৱতঃ ২০১২ কিম্বা ১৩ চনত নিজাকৈ লেপটপটো ক্ৰয় কৰাৰ কিছুদিনৰ পিছতে অসমীয়া ইউনিক'ডত লিখিবৰ বাবে ইয়াক সাজু কৰি লৈছিলো আৰু সেই দিন ধৰি আজিকোপতি ৯০ শতাংশ অসমীয়া লিখা মেলাৰ কামেই মই ইউনিক'ডতে কৰোঁ৷ যিমানদূৰ সম্ভৱ হৈছে, প্ৰয়োজনৰ খাতিৰত হাতেৰে লিখাৰ বাদে প্ৰায়খিনিয়েই ইউনিক'ডেৰে লিখাৰ প্ৰয়াস কৰি আহিছো৷ দেখি আহিছো তেতিয়াৰে পৰা যে অসমীয়া বুলি লেপটপটত ইনবিল্ট ভাষাৰ ব্যৱস্থাটো থকাৰ বাদে আন সকলোতে কেৱল বাংলা বুলিয়েই উপলব্ধ ৷ আনকি আখৰৰ কোনো নিৰ্দিষ্ট অসমীয়া ফন্টেই ৱৰ্ডত পাবলৈ নাই৷ যি এটা ফন্ট থাকে কম্পিউটাৰত, ভিন্দা নামৰ সেইটোও বাংলা ফন্টেই৷
যিমানখিনি সম্ভৱ হৈছে ইউনিক'ডৰ ব্যৱহাৰৰ কথা চিনাকী কম্পিউটাৰ ব্যৱহাৰকাৰীক কৈছো আৰু ব্যৱহাৰ কৰিবলৈ সম্ভৱপৰখিনি শিকাই আহিছো৷ বহুতৰে লেপটপটত অসমীয়া ইউনিক'ডৰ চেটিংছখিনি কৰি দিছোঁ থাওকতে পাওঁতেই৷ আৰু ব্যৱহাৰ কৰিবলৈও কৈ আহিছো যিমান পাৰোঁ৷ পিছে এইখিনি সময়ত এবাৰো কোনোজনকে এয়া বাংলা ইউনিক'ডহে যে ব্যৱহাৰ কৰি আহিছো কোৱা নাই৷ কোৱাৰ প্ৰয়োজনবোধো কৰা নাছিলো৷ যদিওবা নিজে জানিছিলো যে আমি প্ৰকৃততে ইউনিক'ড কনচৰ্টিয়ামে নিৰ্দিষ্ট কৰি দিয়া বাংলা ইউনিক'ডৰ ৰেঞ্জকে সামান্য সাল-সলনিৰেহে ব্যৱহাৰ কৰি আছো৷ কিন্তু বৰ্তমানৰ বিতৰ্কই সকলোবোৰ যেন উলট পালট লগাই দিলে৷
(২৬ জুন ২০১৮/ নগাঁও)

No comments:
Post a Comment