দূপৰ নিশা মনৰ গহনত
প্ৰাপ্তিৰ সপোন ৰচে এজাক জিলিয়ে
ৰঙা চিলনীজনীয়ে নদীৰ নীলা পানীত
সপোন ৰচা বাদ দিছে
তাইৰো চকু আজিৰ জনসমাগমতহে
ধ্বংসৰ মাতাল নিচাত হাউলী পৰে
বৰগছজোপাত উলমি ৰোৱা হেপাঁহবোৰ
লুইতৰ বুকুৰ কোনোবাটো চাকনৈয়াত
হেৰাই যায়
সাতামপুৰুষীয়া ৰজাঘৰীয়া ভেঁটিটো
বহু জীয়া ইতিহাস বুকুত সামৰি....
সময় আগুৱাই যায় মাথো
ঘড়ীৰ কাটাকেইডালৰ টিক্ টিক্ শব্দত
সপোন এটা নকৈ শিপাই....
(২ ডিচেম্বৰ ২০০৮)
No comments:
Post a Comment