Thursday, 14 November 2013

শব্দৰ ধেমালি

দূপৰ নিশা মনৰ গহনত
প্ৰাপ্তিৰ সপোন ৰচে এজাক জিলিয়ে
ৰঙা চিলনীজনীয়ে নদীৰ নীলা পানীত
সপোন ৰচা বাদ দিছে
তাইৰো চকু আজিৰ জনসমাগমতহে

ধ্বংসৰ মাতাল নিচাত হাউলী পৰে
বৰগছজোপাত উলমি ৰোৱা হেপাঁহবোৰ
লুইতৰ বুকুৰ কোনোবাটো চাকনৈয়াত হেৰাই যায়
সাতামপুৰুষীয়া ৰজাঘৰীয়া ভেঁটিটো
বহু জীয়া ইতিহাস বুকুত সামৰি....
সময় আগুৱাই যায় মাথো
ঘড়ীৰ কাটাকেইডালৰ টিক্ টিক্ শব্দত
সপোন এটা নকৈ শিপাই....

(২ ডিচেম্বৰ ২০০৮)

No comments:

Post a Comment