Thursday, 14 November 2013

আজিৰ বিহুঃ এক চিন্তা (Bihu)

"বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা"

দৈনন্দিন জীৱনৰ কৃষিকৰ্মৰ ব্যস্ততাৰপৰা সাময়িকভাৱে সকাহ পাবলৈ মানুহে কৰা কিছুমান নৃত্য-গীতেই সময়ৰ গতিত পৰম্পৰাগতভাৱে প্ৰচলন হ’বলৈ আৰম্ভ কৰিছিল আৰু ইয়ে সময়ত স্থায়ী ৰুপ পৰিগ্ৰহ কৰি মানুহৰ মাজত থাকি লোকগীত আৰু লোকনৃত্যৰ ধাৰণাৰ জন্ম দিয়ে। অসমৰ কৃষিজীৱী সমাজৰ পটভূমিত সৃষ্ট ’বিহু’ এনে লোকগীত আৰু লোকনৃত্যৰে এক অপূৰ্ব সমাহাৰ। এসময়ত বসন্ত ঋতুৰ আগমনৰ আগৰে পৰা বসন্তৰ শেষলৈকে পথাৰত, হাবিৰ মাজৰ গছৰ তলত, মহৰ পিঠিত উঠি গোৱা অসমৰ বিহুৱে কালক্ৰমত সময়ৰ সৈতে খোজ মিলাই মঞ্চত প্ৰৱেশ কৰিলে। আৰু আজিৰ বিশ্বায়নৰ যুগত ই ইন্টাৰনেটতো সহজতে উপলব্ধ হৈ পৰিল।
    সময়ৰ ধামখুমীয়াত তথা বিশ্বায়নৰ দ্ৰুত গতিময়তা আৰু ক্ৰমে ব্যক্তিকেন্দ্ৰিকতাৰ চূড়ান্ত বিন্দুত উপনীত হোৱা আজিৰ অসমত সকলোফালে কেৱল সমস্যা আৰু দুৰ্নীতিৰ পোহাৰ। তথাপি অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুৰ আগমনিত প্ৰকৃতিৰ লগতে সৰ্বসাধাৰণৰ মনবোৰো যে বসন্তৰ কুঁহিপাতৰ দৰে জীপাল হৈ পৰে। সকলোতে এক সজীৱতা আৰু নতুন প্ৰাণ চঞ্চলতাই বিৰাজ কৰে। কুলী-কেতেকীৰ বিননি, ঢোল-পেপাঁৰ মাত, ঢেকীৰ শব্দ, তাঁতশালৰ ব্যস্ততাৰ মাজেৰে ৰঙালীয়ে যেন অসমীয়াৰ প্ৰাণ স্পন্দনকে নিজৰ মাজত সাৱটি লয়।
    কিন্তু আমাৰ আধুনিক ব্যস্ত পৃথিৱীত প্ৰগতিৰ জখলাৰে আগুৱাই যাবলৈ মানুহে আৱিষ্কাৰ কৰিছে নিত্য নতুন প্ৰয়োজনীয় আহিলাৰ। এসময়ৰ পথাৰ, গছ্তলৰ বিহুৱে এদিন গৃহস্থৰ মংগল কামনাৰে গৃস্থৰ পদূলি গচকি হুচৰিৰ ৰপ পৰিগ্ৰহ কৰিলে ব্যস্ততাৰ সৈতে খাপ খুৱাই  লৈয়ে। চহা জনসাধাৰণৰ মনৰ স্বতঃস্ফূট প্ৰকাশ বিহুৱে এইদৰেই যেন এক সীমাৰ মাজত সোমাল। ডেকা গাভৰুৱে ৰতি বেলেগে বেলেগে গছৰ তলত জোঁৰ জ্বলাই চ’ত মাহৰ ৰাতি উৰুকাৰ আগদিনালৈকে মৰা বুলি প্ৰচলন থকা ’ৰাতিবিহু’ৰ পৰম্পৰা বৰ্তমান কালৰ কুটিল গৰাহত পৰি লুপ্তপ্ৰায় হ’ল।


এইক্ষেত্ৰত সময়ৰ দাবী, মানুহৰ ব্যস্ততাৰ লগতে আমাৰ নিজৰো এক ধৰণৰ উদাসীনতা আৰু ঐতিহ্যৰ প্ৰতি আওকণীয়া মনোভাৱকে আমি মূল কাৰণ বুলিব পাৰোঁ। আগতে ডাঙৰৰ পৰা দেখি সৰুৱে নিজে নিজে শিকা বিহু নৃত্য আৰু গীত শিকিবৰ কাৰণে বৰ্তমান বিভিন্ন স্থানত ইয়াৰ কৰ্মশালা অনুষ্ঠিত হোৱাতো আমাৰ বাবে শুভ লক্ষণ হ’লেও আমি এইক্ষেত্ৰত বিভিন্ন প্ৰশ্ন তথা বিৰ্তকৰ অৱতাৰনা হোৱা প্ৰায়েই দেখা পাও। কোনোৱে কয় আধুনিকতাক আকোঁৱালি লোৱা এই কৰ্মশালাসমূহে বিহুৰ স্বকীয়তা খৰ্ব কৰিছে। কিন্তু ইয়াৰ মাজেৰে যে বিভিন্নজনে এটা ভাল পদক্ষেপ লৈছে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। আমাৰ সমাজতে বিভিন্ন প্ৰতিকূলতাৰ মাজেৰেও কিছু লোকে এতিয়াও ঐকান্তিকতাৰে আমাৰ এই সাংস্কৃতিক পৰম্পৰাক বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়াৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। ইয়াৰ লগত জড়িতসকলে সৰ্বসাধাৰণ চহা জনসাধাৰণক নিজৰ অধ্যয়ন আৰু অনুশীলনৰ আওতালৈ অনাত গুৰুত্ব দিয়াটো প্ৰয়োজন। কাৰণ এতিয়াও অসমৰ গ্ৰামাঞ্চলৰ পুৰণিচামৰ মাজতে বিহুৰ স্বকীয়তা বৰ্তি আছে কিছু পৰিমানে পুৰণি ধৰণেৰে একে স্বতঃস্ফূটতাৰেই। এতিয়াও চহৰৰ মঞ্চত কেছেট, চিডিৰ অনুকৰণত অনুষ্ঠিত হোৱা হুচৰি, বিহু ৰাণী আদি প্ৰতিযোগিতাৰ তুলনাত গাৱৰ বিহুৰ হুচৰিযোৰাৰ মাজতহে বিহুৰ স্বকীয়তা বিচাৰি পাও আমি। বৰ্তমান প্রযুক্তিবিদ্যাৰ দ্রুত বিকাশৰ সময়ত বিহুক বিশ্ববাসীৰ সন্মুখত চিনাকী কৰাওতে যাতে আমি আমাৰ সংস্কৃতিক বিকৃতভাৱে উপস্থাপন নকৰোঁ তাৰ প্রতি সচেষ্ট হ’ব লাগিব আমি
প্রত্যেকেই।

(যাদবেন্দ্ৰ বৰা/ নিভাঁজ)

************

No comments:

Post a Comment