Wednesday, 13 November 2013

মৃণাল তালুকদাৰৰ ১৯৬২ পঢ়িলো....

চীন-ভাৰতৰ যুদ্ধ

১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ বিষয়ে জানিলোঁ। বহুতো নতুন সত্যৰ উমান পালোঁঁ। তেজপুৰতে থাকি আজি অনুভৱ কৰিছোঁ সেইকেইটা দিনত এই অঞ্চলৰ সাধাৰণ জনতাৰ মনত উদয় হোৱা ভয় আৰু ত্ৰাসক। মাজতে ছেপ্টেন্বৰ মাহৰ ১৪ তাৰিখে বালিপাৰা-ভালুকপুঙ-চেচা-ৰূপা হৈ অৰুণাচলত থকা আপেলৰ উদ্যান চাবলৈ গৈ SHERGAON পাইছিলোগৈ। সচাঁই অপূৰ্ব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰাজি। 

কিন্তু ডিৰাং-বমডিলা-চেলা পাচ-টাৱাং হৈ বুমলা-ঢলা যে এতিয়াও বহু দূৰৰ বাট। আৰু এই ঢলাই যে চীন-ভাৰত যুদ্ধৰ কাৰক হৈছিল। ২০ অক্টোবৰ ১৯৬২ত ভাৰতীয় সেনাৰ এটা সম্পূৰ্ণ ব্ৰিগেড ধ্বংস হৈছিল এই ঢলাতেই, নামকাছু নদীৰ পাৰত। আৰু ইয়াতেই ব্ৰিগেডীয়াৰ ডালভী বন্দী হৈছিল চীনা সৈন্যৰ হাতত। কাৰণ সেই সময়ৰ প্ৰধান মন্ত্ৰী নেহৰুৰ ফৰৱাৰ্ড পলিচী, অহংকাৰী প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননৰ অজ্ঞতা তথা মেজৰ জেনেৰেল ব্ৰিজমোহন কোলৰ দক্ষতাৰ অভাৱ ইত্যাদি বিভিন্ন সৰু-বৰ কাৰকে ক্ৰিয়া কৰিছিল চীন-ভাৰতৰ যুদ্ধত।

ভাৰতীয় সৈন্যৰ সকলো গৰ্ব যেন খৰ্ব কৰি টাৱাং-চেলা পাচ তথা বমডিলাৰ সকলো প্ৰত্যাহ্বান হেলাৰঙে উফৰাই চীনা সৈন্য বাহিনী ঘূৰি গৈছিল ৰূপাৰ পৰা। মাত্ৰ কেইটামান ঘন্টাৰ দূৰত্বত অসমৰ এখন উল্লেখযোগ্য চহৰ তেজপুৰ। যাক ইতিমধ্যেই ভাৰত চৰকাৰ-ভাৰতীয় সৈন্য বাহিনী সকলোৱে চীনৰ হাতত ইতিমধ্যে এৰি গৈছিল। মুষ্টিমেয় কেইঘৰ মানৰ বাহিৰে সাধাৰণ জনতাইও এৰি গৈছিল এই চহৰ.।প্ৰাণৰ মায়াত নে অন্য কাৰক আছিল বাৰু তাত! আনকি খুলি দিয়া হৈছিল মানসিক চিকিৎসালয়ৰ দুৱাৰ।
আৰু ১৯ নবেম্বৰ ১৯৬২ৰ নিশা ৮ বজাৰ অল ইণ্ডিয়া ৰেডিঅত প্ৰধানমন্ত্ৰী নেহৰুৰ সেই বিখ্যাত ভাষণ অসমৰ জনসাধাৰণৰ প্ৰতি - "MY HEART GOES OUT FOR THE PEOPLE OF ASSAM"।

কিন্তু ইমানৰ পাছতো চীনা সৈন্য বাহিনীৰ বিশাল কনভয় কিয় ৰূপাৰ পৰা ঘূৰি গৈছিল? নেহৰুৰ গৰ্বক বুঢ়া আঙুলি দেখুৱাবলৈকে নে বাৰু অকল! চেয়াৰমেন মাওৰো কিবা স্বাৰ্থ আছিল নেকি এই যুদ্ধত? ২১ নবেম্বৰ ১৯৬২ত সমাপ্ত কৰিছিল চীনে যুদ্ধ জয়ৰ বাসনা। 

মন গৈছে আজিয়েই যাম যেন তেজু-হায়ুলিয়াং-ৱালং হৈ কিবিথোলৈ। আৰু ৰিমা!

ক'ত গ'ল চীনৰ মানচিত্ৰৰ পৰা সেই চহৰ? যাত্ৰাৰ এক অদম্য ভাৱনাই ক্ৰিয়া কৰিছে মনত। মনলৈ আহিছে অৰুণাচলৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰৰ মনোযোগ কিমান দৰাচলতে! আৰু এই দুই এবছৰত কিয় অৰুণাচলৰ যাতায়ত-যোগাযোগৰ উন্নয়নত গুৰুত্ব দিছে!! কিয় বাৰু আজিও চৰকাৰে তিনিচুকীয়া-ডুমডুমা-ডিৰাক-নামচাই-চৌখাম হৈ লোহিত নদীখন পাৰ হলেই তেজু-হায়ুলিয়াং-হাৱাই-ৱালং-কিবিথো হৈ চীনলৈ যোৱা সহজ পথটো থকাৰ পাছতো, চৰকাৰে ১৮০০ কলোমিটাৰ দীঘল ষ্টিলৱেল পথৰ বিষয়ক লৈ আলোচনা চলাই আছে সেয়াহে বোধগম্য নহ'ল। যত নেকি তিনিচুকীয়া-তেজু-ৱালং পথেৰে চীনলৈ দূৰত্ব কেৱল ৪৫০ কিলোমিটাৰ।

কেতিয়া আগবাঢ়ি আহিব দেশৰ বিজ্ঞজন আৰু প্ৰশাসনিক বিষয়াসকল এই পথছোৱাৰ বিষয়ে আলোচনা কৰিবলৈ? 
আৰম্ভ হ'বনে বাৰু এই পথেৰে ভাৰত-চীনৰ মাজৰ যোগাযোগ ব্যৱস্থা!! 

******


No comments:

Post a Comment