অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহবোৰ জন্মগতভাবেই স্বাধীনচিতীয়া আৰু উদাৰ মনৰ।
নৰকাসুৰৰ বংশধৰ আমিবোৰ দানৱ বংশীয় হ'লেও ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰৰ তুলনাত মানসিক আৰু শাৰিৰীকভাবে সদায় আগবঢ়া আছিলোঁ আৰু আজিও বহু ক্ষেত্ৰত একক আৰু অনন্য হৈয়ে আছো।
এসময়ত ভাৰতবৰ্ষত আৰ্য বুলি চিনাকী দিয়া ৰজা মহাৰজাসকলে শাসন কৰা ৰাজ্যসমূহৰ তুলনাত আমাৰ দানৱ বংশীয় ৰজাই শাসন কৰা আৰু পৰৱৰ্তী সময়ত আহোম ৰাজত্বৰ ৬০০ বছৰীয়া শাসনত এক গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হোৱা এসময়ৰ বৰঅসম নামৰ বৃহত্তৰ ভূ-খণ্ড বহু দিশত স্বকীয় সত্ত্বাৰে জিলিকি আছিল আৰু সেই স্বকীয়তা আজিও বৰ্তমান।
ভাৰতবৰ্ষৰ ইতিহাসত উল্লেখ থকা অনুসৰি 'ৰাজপুত' বুলিলে পুৰণি ভাৰতবৰ্ষত এটা অতি শক্তিশালী জাতি। কিন্তু ৰাজপুতসকলে কৰিব নোৱাৰা কামো অসমে কৰি দেখুৱাইছিল আহোম ৰাজত্বৰ গৌৰৱময় কালছোৱাত। যি মোগল আক্ৰমণ ভাৰতবৰ্ষৰ কোন এখন প্ৰদেশেই প্ৰতিহত কৰিব পৰা নাছিল, সেই মোগলৰ উপৰিও অন্যান্য বাহিৰা শত্ৰুৰ মুঠ ১৭টাকৈ আক্ৰমণ অসমে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ নিজৰ একতা আৰু সুসংহত তথা পৰিকল্পিত সমৰ শৈলীৰে। কিন্তু ইমানৰ পিছতো ভাৰতবৰ্ষৰ বুৰঞ্জীয়ে আজিলৈকে অসমৰ ইতিহাসক প্ৰাপ্য সন্মান দিয়া নাই। আনকি ভাৰত বুৰঞ্জীৰ পৃষ্ঠাত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ইতিহাসৰ বিষয়ে উল্লেখ নাই কিয়! এয়া বাৰু নিজৰ ভীৰুতাক ঢাকি ৰখাৰ প্ৰয়াস নহয় জানো!!
নিজ দেশ আৰু প্ৰজাক শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰাৰ বাবে নিজৰ নৰীয়া শৰীৰকো আওকাণ কৰা লাচিত বৰফুকনৰ দৰে স্বদেশ আৰু স্বজাতিক ভালপোৱা এজন বীৰ সেনাপতিৰ তত্ত্বাৱধানত আমি যুঁজ কৰি এসময়ত অসমভূমিৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছিলোঁ। সকলো সময়তে লাচিতৰ দেশৰ নাগৰিক বুলি চিঞৰি থকা আমাৰ গাত যে এতিয়াও সচাঁকৈয়ে লাচিতৰ তেজ প্ৰৱহমান হৈ আছে, সেয়া বৰ্তমান নতুনকৈ বিচাৰ-বিশ্লেষণ কৰাৰ সময় এয়া।
সময় এতিয়া জনগোষ্ঠীয়-ধৰ্মীয় আদি মানৱ সৃষ্ট নানান বিভেদ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে যুঁজাৰ। বৰ্তমান সময়ত অহিংস গণতান্ত্ৰিক পদ্ধতিয়েই আমাৰ যুঁজৰ একমাত্ৰ অস্ত্ৰ।
*****


No comments:
Post a Comment