Thursday, 3 September 2015

বানপানীৰ অনুভৱ

সকলোফালে কেৱল পানী আৰু পানী... পাহাৰকেইটাক বাদ দিলে ৰাজ্যখনৰ সমভূমি অঞ্চলৰ প্ৰায় ৯০ শতাংশই পানীৰ তলত... কি দুঠেঙীয়া, কি চাৰিঠেঙীয়া সকলোৰে জীৱনৰ সংশয়... কি খাদ্য, কি বাসস্থান একোৱেৰেই হিচাপ নোহোৱা হৈ পৰিছে... আগতে কেৱল গ্ৰামাঞ্চলক স্পৰ্শ কৰা পানীৰ এই প্ৰকোপ ক্ৰমে ক্ৰমে নগৰবোৰলৈকো সংক্ৰমিত হৈছে... 

কিয় প্ৰতি বছৰে উলহ-মালহেৰে পালিত এই অনুষ্ঠানটোৰ পৰা সাধাৰণ ৰাইজক ৰক্ষা কৰিবলৈ একো এটা পথেই উলিয়াব পৰা নাই আজিলৈকে কোনোৱেই... জীৱ শ্ৰেষ্ঠৰ এই নিকৃষ্টতাৰ আৰঁৰ ৰহস্য কি... মংগল গ্ৰহলৈ মানুহ পঠোৱাৰ আগমুহূৰ্তত এইখন পৃথিৱীতে ইমান বৈসাদৃশ্য কিয়... 

বিভিন্নজনৰ হিচাব-নিকাচ, ব্যক্তিগত লাভ-লোকচানৰ অংক আৰু ৰঙা ফিটাৰ মেৰপাকত পৰি বাৰে বাৰে মুখ ঠেকেচা খাই পৰে সৰ্বসাধাৰণৰ মূল্যৱান কিন্তু মূল্যহীনতাত ভূগা জীৱনবোৰৰ বাস্তৱিকতা... বানত জীৱনৰ সৰ্বস্ব হেৰুওৱাজনৰ  খবৰ কোনে ৰাখে... গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দৌৰ আজি নিজৰ মাজতে সীমাৱদ্ধ... মানৱীয়তাবোধ, নিজৰ দায়িত্ব, কৰ্তব্য সকলোবোৰ আজি অৰ্থহীন হৈ পৰে ব্যক্তিগত সপোন আৰু তাগিদাৰ সন্মুখত..



(৩ ছেপ্টেম্বৰ ২০১৫, তেজপুৰ বিশ্ববিদ্যালয়)

No comments:

Post a Comment