আকৌ এটা দিনৰ কাৰণে ৰাজ্যখনৰ স্বাভাৱিক জীৱন-যাত্ৰা স্থৱিৰ হৈ পৰিল... ৰাজ্যখনৰ ইতিহাস যদি কোনোবাই ভৱিষ্যতে লিখাৰ আৱশ্যকতা বোধ কৰে তেন্তে ইতিহাসৰ পৃষ্ঠাত এটা অসম বন্ধৰ সংখ্যা বাঢ়িল.. যি মহান উদ্দেশ্যেৰেই নিদিয়ক কিয় এই বন্ধ - কিবা জানো পৰিৱৰ্তন হব এই বন্ধৰ ফলত... ন্যায়পালিকাই বাৰে বাৰে দি থকা কঠোৰ নিৰ্দেশৰ পিছতো কিয় এই ৰাজ্যখনত হৈ থাকে এই ল'ৰা ধেমালিবোৰৰ বাৰম্বাৰ পুনৰাবৃত্তি.. কিমান যে হকে-বিহকে ৰাজ্যখনত বন্ধৰ উৎসৱ পালিত হল তাৰ হিচাপ হয়তো কোনেও ৰখা নাই... যিবিলাক দাবী বা বিশেষ কাৰণত এই বন্ধবোৰ আহ্বান দিয়া হৈছিল বা ৰাইজেও আকুন্ঠ সহাৰি জনাইছিল ইয়াৰ প্ৰতি.. ইমানদিনে সেইবিলাক ক্ষেত্ৰৰে ৰাজ্যখনৰ জানো কিবা এটা দিশৰ ভাল লক্ষণ প্ৰকাশ পাইছে... পৰিৱৰ্তে ৰাজ্যখনৰ কোটি কোটি টকাৰ ৰাজহৰ ক্ষতিহে হল... চৰকাৰ তথা প্ৰশাসন যন্ত্ৰই সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি ৰৈছে আজিও... ইমানৰ পিছত জানো এই ৰাজ্যখনত কিবা এটা আমূল পৰিৱৰ্তনৰে দেশৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে আমি কল্পনা কৰিব পাৰো...
বন্ধৰ ফলত ক্ষতিগ্ৰস্ত হয় সাধাৰণ জনতাৰ... বন্ধ দিয়াসকলে উপভোগ কৰে ইয়াক, ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৰ সূত্ৰপাতেৰে আসুৰিক তৃপ্তি লভে... চৰকাৰী চাকৰিয়ালসকলৰ সৰহ সংখ্যকেই এটা দিনৰ বেছি ছুটি উপভোগ কৰে নিজা নিজা আদৱ-কয়দাৰে... কিন্তু দিন-হাজিৰা কৰা, দৈনিক ব্যৱসায়েৰে দুবেলা-দুমুঠিৰ যোগাৰ কৰাসকলৰ যে আখলত জুই নজ্বলে... তেওবিলাকৰ ঘৰটো যে ভোকৰ সংজ্ঞা নজনা কেচুঁৱাৰ কান্দোনে বেছি ভিৰ কৰেহি সেই দিনটোত তাৰ হিচাপ ৰাখিবলৈ যে কাৰোৰে আহৰি নাই... আমি সকলো ইমানেই ব্যস্ত যে কেৱল নিজৰখিনিকহে চকু আমাৰ...
তাৰ পাছতো আকৌ আমি আওৰাও জাতীয়তাবাদৰ ভাষা... কেন্দ্ৰীয় চৰকাৰখনে আমাৰ ওপৰত নকৈ হিন্দুত্বৰ আভৰণ এটা পিন্ধাই দিবলৈ চেষ্টা কৰা বুলি আমি চিন্তিত হৈছো... কিন্তু চৌপাশৰ পৰা আমাক আগুৰি অনা মুছলিম মৌলবাদৰ আগ্ৰাসী ৰূপক লৈ আমি কোনেও মুখ ফুটাই মাত নামাতো... কাৰণ এটাই - এইখন যে শংকৰ-আজানৰ মিলনৰ দেশ... কিন্তু কেইজন আজিৰ প্ৰজন্মই শংকৰ-আজানৰ আদৰ্শক মানি চলিবলৈ ৰাজী... আতিথ্য আৰু দয়ালু গুণৰ বাবে জগত খ্যাত অসমীয়াই বাৰে বাৰে আৰু কিমান বৰপীৰা পাৰি বহোৱাব আজানৰ দেশৰ অনিমন্ত্ৰিতসকলক... আজান ফকীৰৰ নাম নুশুনা তথা তেওৰ আদৰ্শৰ বিষয়ে জানিবলৈ বা শুনিবলৈও আগ্ৰহ নথকাসকলক আমি সাৱটি লমেই বা কিয়... ধৰ্মৰ নামত ভেদ ভাৱৰ সৃষ্টি কৰা, লক্ষ্য আমাৰ নহয় - কিন্তু সেই বুলি ধৰ্মৰ নামত ইমান গুড়ামিও আমি মানি লবলৈ ৰাজী নহয়... ধৰ্মীয় গুড়ামিৰ নামতে সৃষ্ট অতি মাত্ৰাত জনসংখ্যাই যদি আমাৰ ঘৰখনত সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰে তেন্তে আমি কি হাত সাৱটি বহি থাকিম নীৰৱে... আমাৰোটো অধিকাৰ আছে মুখ ফুটাই সত্যতা প্ৰকাশ কৰাৰ...
(১২ ছেপ্টেম্বৰ ২০১৫, তেজপুৰ বিশ্ববিদ্যালয়)
No comments:
Post a Comment